
সৰুতে তেওঁক ককাকে যৌন নিৰ্যাতন (sexual harassment) চলাইছিল। এবাৰ নহয়, দুবাৰ নহয়, দিনৰ পিছত দিন, বাৰে বাৰে। ডাঙৰ হৈ এই নিৰ্যাতনৰ প্ৰতিশোধ ল’লে এগৰাকী যুৱতীয়ে। তেওঁ ক্ৰিকেটৰ বেটেৰে ককাকক প্ৰহাৰ কৰি হত্যা কৰে।
মধ্যপ্ৰদেশৰ ইন্দোৰত (Indore of Madhya Pradesh) সংঘটিত হৈছে এই ঘটনা। দেওবাৰে পুৱা এজন ৭৫ বছৰীয়া বৃদ্ধক ২০ বছৰীয়া নাতিনীয়েকে আক্ৰমণ কৰে। ক্ৰিকেটৰ বেটেৰে কেইবাবাৰো প্ৰহাৰ কৰে বৃদ্ধৰ মূৰত। সেই সময়ত তেওঁ শুই আছিল। তেওঁ উঠি আত্মৰক্ষাৰ সুযোগ নাপালে বা কোনো ধৰণৰ প্ৰতিৰোধ কৰিব কৰিব নোৱাৰিলে। পিছত চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। অভিযুক্ত যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, সৰুতে ককাকে তেওঁক নিয়মিতভাৱে নিৰ্যাতন চলাইছিল। সেই নিশা মাক-দেউতাকৰ লগত হোৱা কাজিয়াৰ সময়ত পুৰণি স্মৃতিবোৰ মনত পৰে। অৱশেষত খঙত তেওঁ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লয়।

অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক সিং জেডনে কয় যে অভিযুক্ত যুৱতীগৰাকীয়ে শিশু অৱস্থাত পিতৃ-মাতৃ আৰু ককাক-আইতাকৰ সৈতে একেটা ঘৰতে বাস কৰিছিল। অভিযোগ অনুসৰি, তেওঁৰ ককাকে তেওঁক অশ্লীলভাৱে স্পৰ্শ কৰিছিল। কিশোৰী অৱস্থাত ছোৱালীজনীয়ে এই কথা মাক-দেউতাকক কেইবাবাৰো কৈছিল। কিন্তু তেওঁৰ ককাকৰ বিৰুদ্ধে কোনেও একো কোৱা নাছিল। পিছলৈ তেওঁৰ মাক-দেউতাকে তেওঁৰ লগত আন এখন ঘৰত থাকিবলৈ ধৰিলে। শনিবাৰে মাজনিশা ঘৰলৈ উভতি আহোঁতে মাক-দেউতাকৰ লগত কাজিয়া হৈছিল। তেতিয়াই পুনৰ পুৰণি খংটোৱে আমনি কৰে।
অভিযোগ অনুসৰি, মাজনিশা ঘৰলৈ উভতি অহাৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে কন্যাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ছোৱালীজনীয়ে প্ৰশ্ন কৰে, সৰুতে নিজৰ ঘৰতে হাৰাশাস্তিৰ বলি হোৱাৰ সময়ত পিতৃ-মাতৃৰ চিন্তা ক’ত আছিল? হাতত ক্ৰিকেট বেট লৈ তেওঁ পুৱা ৩ বজাত ঘৰৰ পৰা ওলাই আহে। স্কুটি এখনত উঠি তেওঁ ককাকৰ ঘৰ পায়হি। আইতাকে দুৱাৰখন খুলি দিয়াৰ লগে লগে ককাকৰ বিচনাৰ কাষ পায়গৈ। শুই থকা অৱস্থাত তেওঁ বেটখনেৰে মূৰত সাত-আঠবাৰ প্ৰহাৰ কৰে। আইতাকে চিঞৰ-বাখৰ কৰি চুবুৰীৰ মানুহক মাতে। কিন্তু বৃদ্ধজনক ৰক্ষা কৰিব নোৱাৰিলে। যুৱতীগৰাকী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।












