![]()
বিজেপিৰ অ’বিচি মৰ্চাৰ অপসাৰিত উপসভাপতি লাচিত গগৈক (Lachit )দুদিনৰ বাবে আৰক্ষীলৈ জিম্মালৈ (Lachit Gogoi two days custody) প্ৰেৰণ কৰে ডিফু ন্যায়িক আদালতে ৷ উল্লেখ্য যে, আটাছুৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোঁহাই আৰু লাচিত গগৈৰ মাজত ধনৰ লেনদেনকলৈ ভাইৰেল হোৱা এক অডিঅ” বাৰ্তালাপত লাচিত গগৈয়ে মিলন বুঢ়াগোঁহাইয়ে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক আৰু গোলাঘাট জিলা আৰক্ষী অধীক্ষকক চুপাৰি চিণ্ডিকেট চলোৱাৰ বাবে ক্ৰমে, ১২লাখ ৫০ হাজাৰ আৰু ২ লাখ ধন দিয়াৰ কথা বুলি উল্লেখ কৰাৰ পিছত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ডিফু থানাত এক গোচৰ ৰুজো কৰিছিল ৷

সেই গোচৰৰ ভিত্তিত কাৰবি আংলং আৰক্ষীয়ে কালি চৰাইদেউৰ পৰা লাচিত গগৈক গ্ৰেপ্তাৰ কৰি ডিফুলৈ আনে ৷ আজি আৰক্ষীয়ে লাচিত গগৈক ডিফু আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে দুদিনৰ বাবে লাচিত গগৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, এই ঘটনাৰ আনজন অভিযুক্ত মিলন বুঢ়াগোঁহাই এতিয়াও পলাতক হৈ আছে ৷ কাৰবি আংলং আৰক্ষীয়ে মিলন বুঢ়াগোঁহাইক বিচাৰি অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷













