ASSAM TIMES POST,বোকাখাতঃ যোৱা ১৭ জুলাইৰ নিশা নুমলীগড় তিনিআলিত হোৱা এক গুৰুতৰ মটৰ চাইকেল দুৰ্ঘটনাত এজন আৰোহীৰ ঠিতাতে মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে সুমন ওৰফে দেৱাশীষ তীৰ্কি আৰু বিৰচা ওৰাং নামৰ মটৰ চাইকেল আৰোহী দুজন কান্ধুলিমাৰিৰ পৰা আলহি খাই বকিয়াল নাৰায়নপুৰত থকা ঘৰলৈ উভতাৰ পথত নুমলীগড় তিনিআলিৰ ডিভাইডাৰত খুন্দা খোৱাৰ ফলত হোৱা গুৰুতৰ দুৰ্ঘটনাত মটৰ চাইকেলখনৰ চালক দেৱাশীষ তীৰ্কিৰ ঘটনাস্থলীতে মৃত্যু হয়। পিছত বহি অহা ৪০ বছৰীয়া আৰোহী বিৰচা ওৰাং গুৰুতৰভাৱে আহত হয়। দুয়োকে তৎক্ষানিকভাৱে আৰক্ষীৰ তত্বাৱধানত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক হাস্পতাললৈ লৈ অহা হয় আৰু আহত বিৰচা ওৰাঙক প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত দেৱাশীষ তীৰ্কিৰ মৃতদেহ প’ষ্ট মৰ্টেমৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰায় ৪০ বছৰীয়া তীৰ্কিৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।













