![]()
অভিনেতা কাৰ্তিক আৰিয়ানলৈ এক বিশেষ মৰ্যাদা (Special status to Kartik Aaryan)। শেহতীয়াকৈ মেলবোৰ্ণৰ চতুৰ্দশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত অভিনেতাগৰাকীক এইবাৰৰ ‘ৰাইজিং গ্লʼবেল ছুপাৰষ্টাৰ’ (Rising Global Superstar selected) হিচাপে নিৰ্বাচিত কৰা হৈছে।সেই উপলক্ষে অভিনেতাজনক বঁটা প্ৰদান কৰা হʼব আৰু মহোৎসৱৰ সিংহভাগ তেওঁ অভিনয় কৰা ছবিখনেৰে পৰিবেশন কৰা হʼব।

১১ আগষ্টত মেলবোৰ্ণৰ চলচ্চিত্ৰ মহোৎসৱত তেওঁ লাভ কৰিব এই শ্ৰেষ্ঠ বঁটা। এই বঁটা প্ৰদান কৰিব ভিক্টোৰিয়াৰ গৱৰ্ণৰে। এই অনুষ্ঠানৰ মঞ্চত চলচ্চিত্ৰ সমালোচক ৰাজীৱ মাছান্দৰ সৈতে মত বিনিময় কৰিব অভিনেতাগৰাকীয়ে। সূত্ৰ অনুসৰি, এই মহোৎসৱত প্ৰদৰ্শিত হʼব অভিনেতাগৰাকীৰ ‘সত্য প্ৰেম কি কথা’ আৰু ‘ভুলভুলাইয়া’ ছবি।
মুম্বাইৰ সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে এই উপলক্ষে কয়, “মই ভিক্টোৰিয়া চৰকাৰ আৰু আয়োজকসকলৰ প্ৰতি এই সন্মানীয় বঁটাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাৰতীয় চিনেমাত কৰা কামৰ বাবে এই স্বীকৃতি লাভ কৰাটো মোৰ বাবে অতি সৌভাগ্যজনক। চলচ্চিত্ৰৰ জৰিয়তে কাহিনী কোৱাৰ শক্তিৰ ওপৰত মই সদায় বিশ্বাস কৰি আহিছো। দৰ্শকৰ হৃদয় স্পৰ্শ কৰিবলৈ এইটোৱেই একমাত্ৰ উপায়। মেলবোৰ্ণৰ সকলোৰে সৈতে চিনেমা উদযাপন কৰিবলৈ আগ্ৰহী।”













