![]()
মুম্বাইৰ এখন আদালতে জাভেদ আখতাৰলৈ চমন জাৰি (Summons issued to Javed Akhtar) কৰিছে। কংগনা ৰানাৱটে দাখিল কৰা মানহানিৰ গোচৰত (A defamation suit filed by Kangana Ranaut) তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে। আদালতৰ মতে, ভাৰতীয় দণ্ডবিধিৰ মতে প্ৰবীণ গায়কগৰাকীৰ আচৰণ অশ্লীলতাৰ শ্ৰেণীত পৰে। গতিকে ৭৮ বছৰীয়া জাভেদক ৫ আগষ্টত আদালতত হাজিৰ হʼবলৈ কোৱা হৈছে।
‘টিপু চুলতান’ (Tipu Sultan) ছবি নিৰ্মাণ নহয়। এই মন্তব্য সন্দীপ সিঙৰ। পৰিয়াল, বন্ধু-বান্ধৱী আৰু নিজৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লৈছে প্ৰযোজকজনে। ছবিখনৰ ঘোষণাৰ পিছৰে পৰা তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে। গতিকে সোমবাৰে টুইটাৰত লিখিছে, ছবিখন নিৰ্মাণ কৰা নহʼব। লগতে তেওঁ এই ভাবুকিবাৰ্তা বন্ধ কৰিবলৈ অনুৰোধ কৰে।














