![]()
নতুন ব্যতিক্ৰমী প্ৰয়াসেৰে পুনৰ এবাৰ সাজু হৈছে হিমাংশু প্ৰসাদ দাস (Himanshu Prasad Das)। তেখেতৰ পৰিকল্পনা-পৰিচালনাৰে Mind Garage নামৰ ইউটিউব চেনেলটোত মুক্তিৰ বাবে সাজু হৈছে এখন চিৰিজ “চিনেগল্প”। বহুকেইগৰাকী জনপ্ৰিয় তথা প্ৰসিদ্ধ গল্পকাৰৰ কেইটামান চমকপ্ৰদ গল্পক লৈয়ে নিৰ্মাণ কৰা হৈছে চিৰিজখন।

এই “চিনেগল্প” ৰ প্ৰথমটো গল্প “খোজৰ শব্দ” অহা ২৮ জুলাই তাৰিখে মুক্তি লাভ কৰিব। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত এই প্ৰথমটো প্ৰকল্পত অভিনয় কৰিছে দীপলিনা ডেকা, হিৰণ্যদেৱ শৰ্মা আৰু হিমাংশ প্ৰসাস দাসে। এই গল্পটোক পাঠ কৰিব কপিল বৰাই।













