![]()
অসমৰ লোক-সংস্কৃতিৰ জগতখনক ঐকান্তিক প্ৰচেষ্টাৰে চহকী কৰি ৰখা সংগীত নাটক একাডেমী বঁটা প্ৰাপক টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগী দেৱৰ পৰলোকপ্ৰাপ্তিত সমগ্ৰ অসমবাসী মৰ্মাহত হৈ পৰিছে।

ডিব্ৰুগড় জিলাৰ খোৱাঙত জন্মগ্ৰহণ কৰা এইগৰাকী নিপুণ শিল্পীয়ে ককাদেউতাৰ পৰা টোকাৰী আৰু দোতোৰাৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ সমষ্ট জীৱন অসমীয়া লোক-সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিবৰ বাবে উৎসৰ্গা কৰিলে। তেখেতে প্ৰায় ১৪০০ টা টোকাৰী গীতৰ ৰচনা কৰিছিল।
১৯৭১ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই তেখেতক “বৈৰাগী” উপাধি প্ৰদান কৰিছিল ৷
তেখেতৰ মৃত্যু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।













