![]()
আজি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চিৰিঞ্জে মাৰাত্মক ড্ৰাগছ লৈ থকা অৱস্থাত আটক হয় তিনিজনকৈ যুৱক ৷ বকলীয়াঘাটৰ স্থানীয় কেইজনমান উদীয়মান যুৱকে ড্ৰাগছ সহ আটক কৰে যুৱক কেইজনক ৷ যুৱক তিনিজন ক্ৰমে, অমৰজিৎ চৌহান (২২), ভাৰ্গৱ শৰ্মা (২২) আৰু বামন হাঞ্চে (২২) ৷

বৃহস্পতিবাৰ সন্ধিয়া ৬ মান বজাত উদ্ধাৰ কৰা সন্দেহযুক্ত ড্ৰাগছ সহ যুৱক তিনিজনক বকলীয়াঘাট আৰক্ষী থানাত চমজাই দিয়া হয় ৷আৰক্ষীয়ে ধৃত যুৱক তিনিজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷













