![]()
গঁড় ৰমণী হিচাপে খ্যাত কাজিৰ ৰংহাপীৰ সোঁৱৰণত(Memorizing Kajir Ronghangpi) কাৰ্বি সকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিফু আৰব’ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰত সভাকক্ষত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মিলন ৷ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সহযোগত ডিফুৰ আৰ’ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সন্মিলন কক্ষত ২৭, ২৮ আৰু ২৯ জুলাইত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন।

আজি পুৱাৰ ভাগত কাৰ্বি কুৰুচাৰ (পুৰহিত)ৰ মন্ত্ৰ উচ্চাৰণেৰে শুভাৰম্ভ হ’ল সন্মিলন। মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন।চেন্টাৰ ফ’ৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ডঃ ধৰমছিং টেৰণে আদৰণি ভাষণ প্ৰদান কৰে।
কাৰ্বি সকলৰ কৃষ্টি সংস্কৃতিৰ মৌখিক পৰম্পৰাৰ সন্মিলনখনত পৰিষদৰ কলা সংস্কৃতিক বিভাগৰ বিভাগীয় ভাৰপ্ৰাপ্ত ই এম সূৰ্য ৰংফাৰ পৰিষদৰ এমএচি, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ফেকাল্টি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চিইএম তুলিৰাম ৰংহাঙে কাজিৰঙাৰ উৎপত্তি আৰু কিংবদন্তি ৰমণী কাজিৰ ৰংহাপীৰ তাৎপৰ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।













