![]()
ষ্টাফ ৰিপ’ৰ্টাৰ , ডিফু : ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়দান ( Diphu Judicial Courts Judgment) ৷ এনডিপিএছ আইনৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 21(C),27(A)/29ৰ অধীনত ডিলাই থানাৰ গোছৰ নম্বৰ ১২/২২ ৰ শুনানী গ্ৰহন কৰি মুখ্য ন্যায়াধীশ ৰৌশন লালৰ আদালতে মণিপুৰ দুই যুৱক ক্ৰমে, লানাহমাই ষ্টিফেন ওৰফে থিউঙি আৰু ৱেইপুহ প্ৰউ ওৰফে ৰকু বেই পুক উক্ত গোছৰত অভিযুক্ত সাব্যস্ত কৰি কাৰাদণ্ড বিহে ৷

অভিযুক্ত যুৱক দুজনৰ প্ৰতি গৰাকীক ১০ বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰকৈ টকা জৰিমনাও বিহে ৷ জৰিমনা অনাদায়ে যুৱক দুজনে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ড ভুগিব লাগিব বুলি জানিব পৰা গৈছে ৷ উক্ত গোছৰটোত লোক অধিবক্তাৰ ভূমিকা পালন কৰিছিল দিলীপ কুমাৰ ডেকাই ৷













