![]()
৭ বছৰৰ পাছত পুনৰ পৰ্দালৈ আহিছে কৰণ জোহৰ (Karan Johar)ৰ পৰিচালিত ছবি। শেহতীয়াকৈ মুক্তি পাইছে তেওঁৰ ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। ছবিখন দেখি আপ্লুত হৈছে কৰণৰ অনুৰাগীসকল। অৱশ্যে দৰ্শকৰ এটা অংশই এই ছবিখনক বহু সমালোচনাও কৰিছে। ছবিখন মুক্তি পোৱাৰ পিছতে শেহতীয়াকৈ সাংবাদিকৰ সৈতে মুখামুখী হয় পৰিচালককে ধৰি ছবিখনৰ সমগ্ৰ দলটোৱে। ইতিমধ্যে পৰিচালকজনে কৈছে যে ছবিখনৰ এই খণ্ড খণ্ড ঘটনাবোৰ তেওঁৰ জীৱনৰ লগত জড়িত হৈ আছে। এই সংবাদমেলতে তেওঁৰ বহু কথাই ওলাই পৰে।

এই ছবিখনত দৰ্শকে দেখিছে ৰণবীৰ সিং আৰু চুৰ্ণী গংগোপাধ্যায়ৰ এটা দৃশ্য। য’ত চুৰ্ণীৰ লগত বজাৰ কৰি থাকোঁতে বিপদত পৰে ৰণবীৰ। আলিয়াৰ মাতৃ তেওঁৰ অন্তৰ্বাস (Underwear) কিনিবলৈ গৈছিল। শাহুৱেকৰ লগত দোকানলৈ গৈ নায়কজন বৰ অস্বস্তিত পৰে। ইয়াৰ পিছত দৰ্শকে চুৰ্ণীৰ ডাঙৰ সংলাপ শুনে। আচলতে কৰণ জোহৰে এই দৃশ্যৰ জৰিয়তে সামাজিক বাধা ভাঙিবলৈ চেষ্টা কৰিছিল। এইটোও অৱশ্যে তেওঁৰ জীৱনৰ পৰা অনুপ্ৰাণিত।
কৰণে কয়, “মই মাৰ অন্তৰ্বাস কিনিবলৈ যাওঁ। যিয়ে মোৰ কেইবাজনো বন্ধুক আচৰিত কৰি তোলে। আচলতে এই ধাৰণাই মোক আচৰিত কৰি তোলে। মোৰ ৮১ বছৰীয়া মাৰ প্ৰয়োজনবোৰ ময়েই চম্ভালিব লাগিব। অন্তৰ্বাসেই হওক বা আন যিকোনো বস্তুৱেই হওক (Be it underwear or anything else)।” জীৱনৰ সেই উপলব্ধি পৰিচালকজনে ছবিখনত চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।













