![]()
প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ দুবছৰ পূৰ্বে দেহাৱসান ঘটে। মৃত্যুৰ দুবছৰৰ ভিতৰত অভিনেতাজনৰ পালি হিলৰ বাংলোটো (Dilip Kumar’s bungalow) বিনষ্ট হʼবলৈ ওলাইছে। প্ৰায় ১.৭৫ লাখ বৰ্গফুটৰ এই বাংলোটো ভাঙি চালে চকু ৰোৱা বহুমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হʼব (bungalow will be demolished and constructed new multi-storey building)। এই বহুমহলীয়া ভৱনটোত মুঠ ১১টা মহলা থাকিব। তলৰ মহলাত দিলীপ কুমাৰৰ নামেৰে এটা সংগ্ৰহালয় নিৰ্মাণ (A museum named after Dilip Kumar has been built) কৰা হʼব।

লগতে অভিনেতাগৰাকীৰ সাজ-পোছাকসহ থাকিব তেওঁৰ অমূল্য ছবিও। সংগ্ৰহালয়টোত দৰ্শনাৰ্থী অতিথিৰ বাবে থাকিব সুকীয়া প্ৰৱেশদ্বাৰ।দীৰ্ঘদিন ধৰি অভিনেতাগৰাকীৰ পালি হিল বাংলোৰ আইনী জটিলতা চলি আছিল। পট্টা সম্পৰ্কীয় গোচৰত বিপদত পৰিছিল অভিনেতাগৰাকীৰ পত্নী। এই বাংলোটো অবৈধভাৱে দখল কৰা বুলি অভিযোগ কৰি ছায়েৰা বানুৱে বিল্ডিং বিল্ডাৰ সমীৰ এন ভোজনীৰ নামত ২৫০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।
১৯৫৪ চনত দিলীপ কুমাৰে মুম্বাইৰ অভিজাত পালি হিল এলেকাত নিৰ্মাণ কৰিছিল এই বাংলোটো। তেতিয়া মাটিৰ দাম আছিল ১.৪ লাখ টকা। কিন্তু এতিয়া আন এটা ৰিয়েল ইষ্টেট কোম্পানীয়ে সেই মাটি কিনি বহুমহলীয়া অট্টালিকা নিৰ্মাণ কৰি আইনী জটিলতা সমাধান কৰে। এই মাটি কেইবা শ কোটি টকাত বিক্ৰী হয়। এসময়ত মুম্বাইৰ অন্যতম পৰ্যটনস্থলী আছিল অভিনেতাগৰাকীৰ বাংলো। ভাঙি পৰিল ভাৰতীয় চিনেমাৰ এজন ছুপাৰষ্টাৰৰ বাসগৃহ। ২০২৭ চনৰ ভিতৰত গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হʼব।













