![]()
ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত ডুবাই স্পৰ্টছ কাউঞ্চিলৰ উদ্যোগত অনুষ্ঠিত হৈ থকা SBKF আন্তঃৰাষ্ট্ৰীয় গেমছত উজলিল কাৰবি আংলঙৰ দুই মহিলা ক্ৰীড়াবিদ ৷কাৰ্বি আংলঙৰ দুই মহিলা খেলুৱৈৰ সাফল্যই কাৰবি আংলঙৰ ক্ৰীড়াৰ ক্ষেত্ৰ খনলৈ সম্ভাৱনা আৰু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷

ডুবাইৰ এই আন্তৰাষ্ট্ৰীয় গেমছ’ত ভাৰতীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি ৬ টাকৈ সোণৰ পদক দখল কৰে খেলুৱৈ দুগৰাকীয়ে ৷ পদক দখল কৰা খেলুৱৈ দুগৰাকী ডিফুৰ পখিলা ইংতিপী আৰু বকলীয়াঘাটৰ ৰত্না বাৰিক ৷ডুবাইত ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হৈছে এই অষ্টম SBKF আন্তঃৰাষ্ট্ৰীয় গেমছ- ২০২৩৷
৩৫ৰ শাখাত ২০০,৪০০মিঃ দৌৰ আৰু ৩০০০ মিঃ খোজকঢ়াত সোণৰ পদক দখল কৰে পখিলা ইংতিপীয়ে ৷ আনহাতে ৩০ৰ শাখাত ১০০আৰু ২০০ মিঃ দৌৰ আৰু দীঘল জাম্পত সোণৰ পদক দখল ৰত্না বাৰিকে কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷













