ASSAM TIMES POST,গোলাঘাটঃ উত্তৰাখণ্ডৰ ডেৰাডুনত নৃত্যাঞ্জলী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি শাস্ত্ৰীয় নৃত্যত দলীয়ভাৱে প্ৰথম স্থান, ভোৰতালত প্ৰথম স্থান, ধৰ্মশাস্ত্ৰীয়ত আৰু শাস্ত্ৰীয়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উচ্চ শাখাত শাস্ত্ৰীয় নৃত্যত ইশাৰানী শইকীয়াই প্ৰথম, ঈশানী বৰুৱাই দ্বিতীয় আৰু ঋতী কোঁৱৰে তৃতীয় স্থান লাভ কৰে৷

ইয়াৰ উপৰি অৰ্ধশাস্ত্ৰীয় নৃত্যত ইশাৰানী শইকীয়াই প্ৰথম, ঈশ্বানী বৰুৱাই দ্বিতীয় আৰু ঋতী কোঁৱৰে তৃতীয় স্থান লাভ কৰে৷ নৃত্য প্ৰতিযোগিতাত পংখী গগৈ আৰু পৰিস্মিতা বৰাই উদগনীমূলক বঁটা পাবলৈ সক্ষম হয়৷ এককভাৱে অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰতিযোগিতাত উচ্চ শাখাত আনন্দিতা গোঁঁহাইয়ে দ্বিতীয়, কংকনা গগৈয়ে তৃতীয় আৰু ঋতী কোঁৱৰে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে৷ ইয়াৰ লগতে লোক নৃত্য প্ৰতিযোগিতাত ঈশ্বনী বৰুৱাই প্ৰথম, কাব্যশ্ৰী গোঁহায়ে তৃতীয় আৰু লোক নৃত্যৰ মুকলি শাখাত পৰী গগৈয়ে তৃতীয় স্থান লাভ কৰে৷

উক্ত মহাবিদ্যালয়ৰ পৰাই নিম্ন শাখাত অংশগ্ৰহণ কৰি জাহ্নৱী ফুকন আৰু অন্বেষা বৰতামুলীয়ে উদ্গনিমূলক বঁটা লাভ কৰে৷ অৰ্দ্ধ শাস্ত্ৰীয় নৃত্যত অন্বেষা বৰতামুলীয়ে প্ৰথম চিম্পি ফুকনে উদ্গনিমূলক বঁটা লাভ কৰাৰ লগতে আধুনিক নৃত্যত আয়ুৰষ্মান কাকতি, ঋতৃষ্ণা কটকী আৰু সম্প্ৰতি শইকীয়াই উদ্গনিমূলক বঁটা লাভ কৰে৷ আনহাতে লোকবাদ্য প্ৰতিযোগিতাত নিম্ন শাখাৰ জাহ্নৱী ফুকনে গগনাত প্ৰথম স্থান, ঢোল বাদনত অদ্ৰিশ বৰুৱাই প্ৰথম ঋতী কোঁৱৰে আধুনিক সংগীতত দ্বিতীয় আৰু বনজ্যোৎস্না গগৈয়ে আধুনিক নৃত্যত উদ্গনিমূলক বঁটা লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

গোলাঘাটৰ পুলিবৰস্থিত বগৰিজেংৰ নৃত্যঞ্জলী মহাবিদ্যালয়খনিৰ বিশগৰাকী শিল্পীয়ে বঁটা লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাত অসমৰ বাবে এক গৌৰৱৰ বিষয়৷ এনে পাৰদৰ্শিতামূলক প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ দ্বীপজ্যোতি বৰা ফুকনৰ লগতে সহযোগীসকলক গোলাঘাটবাসীয়ে প্ৰশংসা কৰিছে৷













