ASSAM TIMES POST, গোলাঘাটঃ প্ৰলয়ংকাৰী বানত সৰ্বস্বান্ত হৈ পৰা লোকসকলক কিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাই কালি গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও আশ্ৰয় শিবিৰত বান সাহায্য প্ৰদান কৰে। চাহ উদ্যোগপতিসকলৰ এই সংগঠনটোৱে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্তসকলৰ বাবে স্থাপন কৰা পাঁচটা আশ্ৰয় শিবিৰত উপস্থিত হৈ বিশুদ্ধ খোৱা পানীৰ বটল, শিশু খাদ্য, ব্ৰেড, নিমখ, চাবোন, মমবাতি, জুইশলা বাকছ, আঁঠুৱা, শাড়ী আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ বৰ্ণাত্যসকলৰ মাজত বিতৰণ কৰে। নেটাৰ এই বান সাহায্য বিতৰণ কাৰ্যসূচীত চাহ সংস্থাটোৰ অধ্যক্ষ নেপুল শইকীয়া প্ৰমুখ্যে সকলো বিষয়ববীয়া আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।













