![]()
মাজত মাত্ৰ তিনিটা দিন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১৫ ছেপ্টেম্বৰত ইডিৰ (Enforcement Directorate) সঞ্চালক হিচাপে সঞ্জয় কুমাৰ মিশ্ৰৰ (Sanjay Kumar Mishra) অন্তিমটো দিন। তাৰ পিছত ৰাহুল গান্ধীৰ পৰা অভিষেক বেনাৰ্জীলৈ, মনীষ ছিছোদিয়াৰ পৰা হেমন্ত চোৰেনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দায়িত্ব কাৰ হাতত থাকিব তাকে লৈ এতিয়া ৰাজনৈতিক শিবিৰত চৰ্চা চলিছে। ইডিৰ নতুন মুৰব্বী কোন হʼব, সেই দিশে এতিয়া মোডী চৰকাৰৰো দৃষ্টি।

চৰকাৰী সূত্ৰ অনুসৰি, নতুন ইডি মুৰব্বী পদৰ বাবে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডৰ অধ্যক্ষ নীতিন গুপ্তা, চিবিডিটিৰ সদস্য প্ৰবীণ কুমাৰৰ নাম বিবেচনাধীন হʼব পাৰে। পূৰ্বৰ বিত্তীয় চোৰাংচোৱা ইউনিটৰ পংকজ কুমাৰ মিশ্ৰৰ নামো আলোচনাত থাকিব। বৰ্তমান আইএমএফত কৰ্মৰত সীমাঞ্চল দাসৰ নামক লৈও চৰ্চা চলি আছে। ইডিত জ্যেষ্ঠ পৰ্যায়ত কাম কৰাৰ পূৰ্বৰ অভিজ্ঞতা আছে তেওঁৰ। এই আটাইকেইজনেই সঞ্জয় কুমাৰ মিশ্ৰৰ দৰে ইণ্ডিয়ান ৰেভিনিউ চাৰ্ভিচ বা আইআৰএছৰ বিষয়া।
চৰকাৰৰ এটা অংশই অনুভৱ কৰিছে যে মহাৰাষ্ট্ৰৰ কেডাৰৰ আইপিএছ বিষয়া ৰশ্মি শুক্লাই ইডিৰ সঞ্চালক পদৰ দৌৰত সকলোকে পিছপেলাই আগবাঢ়ি যাব পাৰে। তেনে ক্ষেত্ৰত ইডিৰ শীৰ্ষ পদত এগৰাকী মহিলা বিষয়াক স্থান দিয়াৰ কৃতিত্বও চৰকাৰে দাবী কৰিব পাৰে। ৰশ্মি শুক্লা বৰ্তমান সশস্ত্ৰ বাহিনীৰ ডিজি। তেওঁ মহাৰাষ্ট্ৰ বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনবিছৰ বিশ্বাসী বুলি জনা যায়। ফাৰনবিছ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰশ্মিৰ বিৰুদ্ধে বিৰোধী নেতাৰ ফোন টেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল। উদ্ধৱ থাকৰে চৰকাৰৰ দিনত তেওঁৰ বিৰুদ্ধে দুটা এফআইআৰ ৰুজু হৈছিল। শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে এই এফআইআৰ খাৰিজ কৰে।
কেন্দ্ৰীয় চৰকাৰৰ ভিতৰুৱা সূত্ৰ মতে, নতুন ইডি সঞ্চালক কোন হʼব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাহিৰে এই কথা কোনেও নাজানে। মোডীৰ দিনত ইডিৰ ক্ষমতা আৰু তদন্তৰ পৰিসৰ দুয়োটা বৃদ্ধি পাইছে। যোৱা বছৰৰ পৰিসংখ্যা অনুসৰি ২০১৪ চনৰ পৰা ইডি গোচৰৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে। প্ৰায় সকলো বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে ইডিৰ গোচৰ আছে। কেন্দ্রীয় সতর্কতা আয়ুক্তৰ নেতৃত্বত গঠিত এখন কমিটীয়ে আইন অনুসৰি নামৰ পৰামৰ্শ দিব। তাৰ আধাৰত মোডী-শ্বাহৰ কেবিনেট নিযুক্তি সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব।
চৰকাৰী সূত্ৰৰ মতে, মোডীৰ যুগত গুৰুত্বপূৰ্ণ হৈ পৰা ইডি (বিত্ত মন্ত্ৰালয়ৰ অধীনত) আইআৰএছৰ বিষয়াৰে ভৰপূৰ। বিদায়ী সঞ্চালক মিশ্ৰও আইআৰএছৰ বিষয়া আছিল। কিন্তু ইয়াৰ পূৰ্বে আইপিএছ, আইএএছ বিষয়াই ইডিৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। মোডী চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত আইপিএছ বিষয়া কৰ্ণাল সিঙক ইডিৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল। ইয়াৰ পূৰ্বে আইএএছ বিষয়া ৰাজন কাটোচে এই পদত অধিষ্ঠিত আছিল। ফলত এজন আইপিএছক পুনৰ ইডিৰ মুৰব্বী হিচাপে দেখা যাব পাৰে।
উল্লেখযোগ্য যে ২০২০ চনৰ নৱেম্বৰ মাহত মোডী চৰকাৰে সঞ্জয় কুমাৰ মিশ্ৰক ইডিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে মিশ্ৰই দিল্লীত আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাত কামৰ সফলতা চাই তেওঁক ইডিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। দুবছৰীয়া কাৰ্যকালৰ অন্তত মোডী চৰকাৰৰ শীৰ্ষবিষয়াৰ আস্থাভাজন হোৱা মিশ্ৰৰ আৰু এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হয়।
তাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। লগতে মোডী চৰকাৰে এই আইন সংশোধন কৰি মিশ্ৰক ইডিৰ মুৰব্বী হিচাপে অধিক দিনলৈ ৰাখিবলৈ দিয়ে। কিন্তু উচ্চতম ন্যায়ালয়ৰ শেষ নিৰ্দেশ অনুসৰি ১৫ ছেপ্টেম্বৰত পদত্যাগ কৰিব লাগিব সঞ্জয় কুমাৰ মিশ্ৰই। গতিকে তেওঁৰ উত্তৰাধিকাৰীক লৈ আলোচনা আৰম্ভ হৈছে।










