ASSAM TIMES POST
নিউজ ডেস্ক
মৃত্যুদণ্ড কার্যকৰী কৰাৰ পূৰ্বে যদি পাকিস্তানৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুশ্বাৰফৰ মৃত্যু হয়, তেতিয়াহ’লে তেওঁৰ মৃতদেহ ইছলামাবাদৰ ডি-চ’কত ওলোমাই ৰখা হ’ব৷ এনেকুৱা এক অভূতপূর্ব ৰায় প্ৰদান কৰিছে পাকিস্তানৰ সন্ত্ৰাস-দমন আদালতে৷ উল্লেখ্য যে দেশদ্ৰোহৰ অভিযোগত যোৱা মঙলবাৰে মুশ্বাৰফক ফাঁচিৰ শাস্তি বিহিছিল আদলতে৷
আদালতৰ ১৬৭ পৃষ্ঠাৰ এই ৰায় আজি প্ৰকাশ পায়৷ সেই ৰায়ত যথেষ্ট চাঞ্চল্যকৰ তথ্য প্ৰকাশ পোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে মুশ্বাৰফৰ দাবী, ব্যক্তিগত প্ৰতিহিংসা চৰিতার্থ কৰিবলৈয়ে তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে৷ তেওঁক বা তেওঁৰ অধিবক্তাক আত্মপক্ষ সমর্থনৰ সুযোগ দিয়া হোৱা নাই বুলিও মুশ্বাৰফে অভিযোগ কৰে৷
উল্লেখ্য যে পেছোৱাৰ হাইকোর্টৰ প্ৰধান ন্যায়াধীশ ৱাকাৰ আহমেদ শেঠ নেতৃত্বাধীন তিনিজনীয়া সদস্যৰ খণ্ড বিচাৰপীঠখনে দেশদ্ৰোহৰ অভিযোগত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰাক্তন সেনাপ্ৰধানজনক মৃত্যুদণ্ডৰ শাস্তি বিহে৷ ৰায়টোত কোৱা হৈছে, “আমাৰ পর্যবেক্ষণত, এই গোচৰৰ অভিযোগ প্ৰমাণিত৷ দোষী সাব্যস্ত ব্যক্তিক প্ৰাণদণ্ড দিয়া হৈছে৷ আইন প্ৰণয়নকাৰী সংস্থাসমূহক নির্দেশ দিয়া হৈছে, পলাতক দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ বাবে সকলো ধৰণৰ চেষ্টা চলাব লাগিব৷ কিন্তু শাস্তি কার্যকৰী কৰাৰ পূৰ্বেই যদি দোষীৰ মৃত্যু হয়, তেতিয়াহ’লে ইছলামাবাদৰ ডি-চ’কলৈ তেওঁৰ মৃতদেহ অনা হ’ব৷ তাত তেওঁক তিনিদিন ওলোমাই ৰাখিব লাগিব৷” এই ডি-চ’ক পাকিস্তানৰ সংসদৰ নিচেই কাষতে অৱস্থিত৷
ইফালে বিগত তিনি বছৰ ধৰি ডুবাইত আছে মুশ্বাৰফ৷ তাত তেওঁৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে৷ তাৰ পৰাই ৰায় প্ৰসংগত তেওঁ কয়, “কিছু লোকে মোৰ বিপক্ষে ব্যক্তিগত প্ৰতিহিংসা চৰিতার্থ কৰিব বিচাৰিছে৷ তেওঁলোকেই গোচৰ দিছিল৷ আনহাতে, মুশ্বাৰফৰ বিৰুদ্ধে ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট নহয় পাক সেনাও৷ এক বিবৃতিত সশস্ত্ৰ বাহিনীৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে কয়, “যিয়ে ৪০ বছৰ ধৰি দেশৰ সেৱা কৰিছে, দেশৰক্ষাৰ যুঁজ কৰিছে, তেওঁ দেশদ্ৰোহী হ’ব নোৱাৰে৷ আদালতত সংবিধানক উপেক্ষা কৰা হৈছে৷ বঞ্চিত কৰা হৈছে অভিযুক্ত ব্যক্তিক মৌলিক অধিকাৰৰ পৰা৷”













