ASSAM TIMES POST
নিউজ ডেস্ক
ঝাৰখণ্ডত বিজেপিক ক্ষমতাচ্যুত কৰি জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। সোমবাৰে পুৱাৰে পৰা চলি থকা ভোটগণনাত বৰ্তমানলৈ জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁট ৪৪খন আসনত আগবাঢ়ি আছে। আনহাতে,বিজেপি আগবাঢ়ি আছে ২৬খনত। এনে পৰিস্থিতিত জেএমএমৰ হেমন্ত চোৰেন ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হৈছে। উল্লেখ্য যে ঝাৰখণ্ডত মুছ বিধানলভাৰ আসনৰ সংখ্যা হ’ল ৮১ আৰু চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৪১খন আসনৰ৷













