ASSAM TIMES POST
স্প’ৰ্টছ ডেস্ক
এইবাৰ চাৰি দেশৰ মাজত টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে৷ ২০২১ চনত এই টুৰ্ণামেণ্টৰ প্ৰথমটো সংস্কৰণৰ বল-বেটৰ যুদ্ধ অনুষ্ঠিত কৰিব ভাৰতৰ মাটিত৷ ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ উপৰি আন এটা দলে অংশ ল’ব এই টুৰ্ণামেণ্টত৷ চতুৰ্থ দলটোৰ নাম অৱশ্যে এতিয়া স্থিৰ কৰা নাই৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিচিচিআয়ে এনে ধৰণৰ ‘ছুপাৰ ছিৰিজ’ অনুষ্ঠিত কৰাৰ কথা ভাবিছিল৷ ২০২১ৰ পৰা ২০৩১ চনলৈ প্ৰতিবছৰে এনেধৰণৰ এখনকৈ শৃংখলা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱো উত্থাপন কৰা হৈছিল৷ কিন্তু সেই সময়ত বিচিচিআই, ইচিবি (ইংলেণ্ড ক্ৰিকেট বোৰ্ড) তথা চিএ (ক্ৰিকেট অষ্ট্ৰেলিয়া)-ই আইচিচিৰ সৈতে ‘ছুপাৰ ছিৰিজ’ক লৈ সহমত পোষণ কৰা নাছিল৷
ফলত ‘ছুপাৰ ছিৰিজ’ বাস্তৱায়িত কৰাৰ পৰিকল্পনাত ব্যাঘাত জন্মিছিল৷ এইবাৰ পুনৰ ‘ছুপাৰ ছিৰিজ’ অনুষ্ঠিত কৰাৰ বাবে উদ্যোগ লৈছে বিচিচিআইৰ নৱ-নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে৷ এই টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে গাংগুলীয়ে ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ সৈতে আলোচনা কৰা বুলিও জানিব পৰা গৈছে৷
সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত জনোৱামেত, ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু আন এখন দেশক লৈ ছুপাৰ ছিৰিজ অনুষ্ঠিত কৰা হ’ব৷ ২০২১ত ভাৰতৰ মাটিত এই টুৰ্ণামেণ্টৰ প্ৰথম সংস্কৰণটি অনুষ্ঠিত হ’ব৷ ইচিবিৰ সৈতে আলোচনা ফলপ্ৰসূ হোৱা বুলিও তেওঁ লগতে উল্লেখ কৰে৷ অৱশ্যে চতুৰ্থ দলটো কোন হ’ব সেইটো এতিয়াও স্থিৰ হোৱা নাই যদিও কেইদিনমানৰ ভিতৰতে এইটো স্থিৰ হ’ব বুলি তেওঁ কয়৷













