ASSAM TIMES POST
নিউজ ডেস্ক
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ এইবাৰ বিৰোধিতাত চামিল হ’ল অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী জগন মোহন ৰেড্ডীও৷ কোনো পৰিস্থিতিতে ৰাজ্যখনত এনআৰচি হ’বলৈ নিদিয়ে বুলি জনাই দিলে অন্ধ্ৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে৷
সংশোধিত নাগৰিকত্ব আইন আৰু এনআৰচিক লৈ বিগত কেইবাটাও দিন ধৰি বিক্ষো ভচলি আছে দেশৰ কেইবাখনো ৰাজ্যত৷ তাৰ মাজতেই এনআৰচিৰ বিৰোধিতাৰে মুখ খুলিছে পশ্চিমবংগ, বিহাৰ, ছত্তীশগড়, মধ্য প্ৰদেশ, দিল্লীসহ একাধিক ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলে৷ সেই তালিকাত এতিয়া নৱতম সংযোজন ঘটিছে অন্ধ্ৰৰ মুখ্য মন্ত্ৰী জগন মোহন ৰেড্ডীৰ নাম৷
সোমবাৰে ৰাজ্যখনৰ কাড়াপাত এটা প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ সংবাদ মাধ্যমৰ মুখামুখী হৈ তেওঁ কয়, “এনআৰচিক লৈ আমাৰ বক্তব্য জানিবলৈ বিচাৰিছিল সংখ্যালঘু ভাইসকলে৷ মনত ৰাখিব, আমি এনআৰচিৰ বিৰোধী৷ কোনো অৱস্থাতে অন্ধ্ৰ প্ৰদেশত এনআৰচি হ’বলৈ নিদিওঁ৷” উল্লেখ্য সংসদত সংশোধিত নাগৰিকত্ব আইনৰ সপক্ষে ভোট দিছিল জগন মোহনৰ ৱাইএছআৰ কংগ্ৰেছে৷ তাক লৈ অৱশ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে মুখ্য মন্ত্ৰীগৰাকী৷













