ASSAM TIMES POST
নিউজ ডেস্ক
অৰ্থনৈতিক মন্দাৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰতক দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনালে আন্তৰ্জাতিক মুদ্ৰা নিধি তথা আইএমএফে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক বহুকেইটা নীতি সলনি বা সেইসমূহৰ কিছু সংশোধনৰ পৰামৰ্শ দিছে আইএমএফে৷ বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিৰ বহুকেইখন দেশৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈ উঠাৰ পিছত ভাৰতৰ এই মন্দাৱস্থাত যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে আইএমএফে৷
আইএমএফৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় এলেকা বিভাগৰ দায়িত্বপ্ৰাপ্ত ৰনিল ছালগাড়োৱে কয়, “ভাৰতত আক্ষৰিক অৰ্থতেই অৰ্থনৈতিক মন্দা চলিছে৷ যিটো যথেষ্ট উদ্বেগজনক৷ এই অৱস্থাৰ পৰা ওলাই আহিবলৈ বহুকেইটা দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ভাৰতে৷ বহুকেইটা নীতি সলনি কৰিব লাগিব বা সেইসমূহৰ কিছু সংশোধন কৰিব লাগিব৷”
উল্লেখ্য যে এই মন্দাৱস্থাৰ কাৰণসমূহ কি তাকো উল্লেখ কৰা হৈছে আইএমএফৰ প্ৰতিবেদনত৷ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ বজাৰত পণ্যাদি বিক্ৰীৰ পৰিমাণ কমিছে৷ কমিছে পুঁজি বিনিয়োগ৷ ইয়াৰ সমান্তৰালভাৱে কমিছে কৰ আদায়ৰ মাধ্যমেৰে ৰাজহৰ পৰিমাণো৷
আনহাতে, তিনি বছৰ পূৰ্বে যেতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমুদ্ৰাকৰণৰ ঘোষণাক স্বাগতম জনাইছিল, তেতিয়া আইএমএফৰ ইকন’মিক কাউন্সেলৰ তথা গৱেষণা বিভাগৰ বিষয়া গীতা গোপীনাথেও ভাৰতৰ অৰ্থনৈতিক মন্দাৰ বাবে দায়ী কৰিছিল পৰিচালন ব্যৱস্থাৰ গাফিলতিক৷ সোমবাৰে পুৱা গীতাই দিল্লীত সাক্ষাৎ কৰে প্ৰধান মন্ত্ৰী মোডীক৷ সাক্ষাৎকালত তেওঁৰ উদ্বেগৰ কথা জনায় প্ৰধান মন্ত্ৰীগৰাকীক৷
ইফালে যোৱা শুকুৰবাৰেই গীতাই কৈছিল, “আমাৰ ভাব হৈছে, এই অৰ্থনৈতিক মন্দাৰ বাবে পৰিচালনগত গাফিলতি, অনিশ্চয়তাই এটা বিৰাট ডাঙৰ ভূমিকা লৈছে৷ কেন্দ্ৰীয় চৰকাৰে এইবাৰ এই পৰিচালনগত অনিশ্চয়তাৰ বিষয়টোক লৈও চিন্তা কৰিব লাগিব৷” গীতাৰ বক্তব্য, “অৰ্থনৈতিক সংস্কাৰৰ পথেৰেই ভাৰত আগুৱাই যাব লাগিব৷ কিন্তু তাৰ বাবে অধিক বেছি স্বচ্ছতা আৰু অধিক নিশ্চয়তাৰ প্ৰয়োজন৷ ইয়াৰ অন্যথা অৰ্থনৈতিক সংস্কাৰ সাৰ্বিকভাৱে সফল নহ’ব৷”













