ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
সংশোধিত নাগৰিকত্ব আইন আইন চমুকৈ ‘কা’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী৷ ইয়াৰ অংশ হিচাপে বুধবাৰে আছুৰ উদ্যোগত লতাশিলত গ্ৰহণ কৰা হ’ব ‘ৰং-তুলিকা আৰু কবিতাৰে’ প্ৰতিবাদী কাৰ্যসূচী। বুধবাৰে বৰদিনৰ প্ৰাৰ্থনাৰ পাছতে দিনৰ ১১ বজাৰ পৰা লতাশিলত সমাবেশ ঘটিব চিত্ৰ-ভাস্কৰ্য শিল্পী, আবৃত্তিকাৰ প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ।এই কথা জানিবলৈ দিছে আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই।













