ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱশৰ্মাই। পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিৰ পিছত যোৱা এক মাহৰো অধিক সময় খালী হৈ থকা ৰাজ্যিক সমন্বয়কৰ দায়িত্ব মঙলবাৰে গ্ৰহণ কৰে শৰ্মাই।
উল্লেখ যে যোৱা ১১ নৱেম্বৰত প্ৰতীক হাজেলাৰ বদলিৰ পিছত অসম চৰকাৰে ৯ নৱেম্বৰত শৰ্মাক নিযুক্তি দিছিল হাজেলাৰ উত্তৰসুৰী হিচাপে। কিন্তু ৰহস্য জনকভাৱে হিতেশ দেৱশৰ্মাই নিজৰ দায়িত্ব গ্ৰহণ কৰা নাছিল৷ অৱশ্যে পুত্ৰৰ বিয়াৰ বাবে ছুটীত থকা বুলি তেওঁ অৱগত কৰোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে আমছু, বৰপেটাৰ সাংসদ আব্দুল খালেকে শৰ্মাৰ নিযুক্তি বাতিলৰ দাবীত সংবাদমেল সম্বোধন কৰি শৰ্মাই প্ৰধানকৈ সামাজিক মাধ্যম ফেচবুকত দিয়া কিছুমান বিতৰ্কিত পোষ্ট ৰাজহুৱা কৰিছিল।
ইফালে, ১৯৮৬চনৰ এচিএছ বিষয়া শৰ্মাই দায়িত্ব গ্ৰহণ কৰি কয়, “বৰ্তমান এনআৰচি কি অৱস্থাত আছে সকলোবোৰ বুজি লৈ পূৰ্বৰ অভিজ্ঞতা ব্যৱহাৰ কৰিম৷” লগতে আইন আৰু অসমবাসীৰ প্ৰতি দায়বদ্ধ বুলিও উল্লেখ কৰে শৰ্মাই৷













