ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৭ ডিচেম্বৰত ১২ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদে৷ পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদকে আদি কৰি মুঠ ৬টাকৈ সংগঠনে।
বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ আৰু পৰীক্ষাক সম্পূৰ্ণভাৱে ৰেহাই দিয়া বুলি উল্লেখ কৰিছে সংগঠনটোৱে। একেদৰে শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে বন্ধ পালন কৰিবলৈ সংগঠনটোৱে ৰাজ্যবাসীক আহ্বান জনাইছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ ‘নিয়া’ই যোৱা ১৬ডিচেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰা পাছত ১০ দিনৰ বাবে ন্যায়ালয়ে কৃষক নেতাগৰাকীক ‘নিয়া’ৰ জিম্মালৈ প্ৰদান কৰিছে। বৰ্তমান দিল্লীত ‘নিয়া’ৰ জিম্মাত আছে অখিল গগৈ।













