ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
কুমাৰ সঞ্জয় কৃষ্ণ হ’ব অসমৰ পৰৱৰ্তী মুখ্য সচিব৷ ইতিমধ্যে মুখ্য সচিব নিযুক্তিৰ ফাইলত মুখ্য মন্ত্ৰীয়ে অনুমোদন প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অহা ৩১ ডিচেম্বৰত বৰ্তমানৰ মুখ্য সচিব আলোক কুমাৰে অৱসৰ গ্ৰহণ কৰিব৷ সেয়েহে কুমাৰৰ উত্তৰসুৰী হিচাপে কুমাৰ সঞ্জয় কৃষ্ণই এই দায়িত্ব গ্ৰহণ কৰিব৷
১৯৮৫ চনৰ অসম-মেঘালয় কেডাৰৰ আইএএছ বিষয়া কুমাৰ সঞ্জয় কৃষ্ণ বৰ্তমান অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে৷













