ASSAM TIMES POST
নিউজ ডেস্ক
নতুন বছৰটোক অধিক স্পেচিয়েল কৰাৰ বাবে গ্ৰাহকৰ ওচৰলৈ অফাৰৰ সম্ভাৰ লৈ হাজিৰ হৈছে জিঅ’৷ স্মাৰ্টফোন গ্ৰাহক আৰু জিঅ’ ফোন গ্ৰাহক উভয়ৰে বাবে ‘২০২০ হেপ্পী নিউ য়েৰ অফাৰ’ লৈ আহিছে জিঅ’৷
কিন্তু কি আছে জিঅ’ৰ এই বিশেষ অফাৰত? ইয়াৰ ভিতৰত আছে এবাৰ ৰিচাৰ্জ কৰিলেই লাভ কৰিব বছৰজুৰি ‘আনলিমিটেড ভয়চ কল’ আৰু ডাটাৰ সুবিধা৷ জিঅ’ৰ তৰফৰ পৰা জনোৱামতে, ইয়াৰ বাবে অৱশ্যে ৰিচাৰ্জ কৰিব লাগিব ২০২০ টকাৰ৷ স্মাৰ্টফোন গ্ৰাহকসকলে ২০২০ টকাৰ ৰিচাৰ্জ কৰিলে পাব আনলিমিটেড ভয়চ কলৰ সুবিধা৷ ইয়াৰ উপৰি বছৰজুৰি লাভ কৰিব ১.৫ জিবি দৈনিক ডাটা, এছএমএছ আৰু জিঅ’ এপৰ সুবিধা৷
আনহাতে, যিসকল জিঅ’ ফোনৰ গ্ৰাহক, তেওঁলোকে লাভ কৰিব আনলিমিটেড ভয়চ কল, ০.৫ জিবি ডাটা, এছএমএছ আৰু জিঅ’ এপৰ সুবিধা৷ ইয়াৰ উপৰি তেওঁলোকে লাভ কৰিব এটা জিঅ’ ফোন বিনামূল্যে৷ এই অফাৰৰ সুবিধা ২৪ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা আৰম্ভ হৈছে৷
ইফালে, জিঅ’ কৰ্তৃপক্ষৰ জনোৱামতে, এই অফাৰৰ সুবিধা সীমিত দিনৰ বাবে উপলব্ধ হ’ব৷ অৱশ্যে কেতিয়া পৰ্যন্ত এই অফাৰৰ সুবিধা গ্ৰাহকে লাভ কৰিব সেই বিষয়ে জনোৱা নাই জিঅ’ই৷













