ASSAM TIMES POST
নিউজ ডেস্ক
চিবিআয়ে গ্ৰেপ্তাৰ কৰে ‘মাৰুতি ছুজুকি’ সংস্থাৰ প্ৰাক্তন মেনেজিং ডিৰেক্টৰ জগদীশ খট্টৰক৷ ১১০ কোটি টকাৰ বেংক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় খট্টৰক৷ উল্লেখ্য যে কিছুদিন পূৰ্বে চিবিআয়ে খট্টৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল৷ খট্টৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰতাৰণা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে৷
চিবিআইৰ অভিযোগ, খট্টৰে যেতিয়া মাৰুতি ছুজুকি ত্যাগ কৰি নতুন কোম্পানী ‘কাৰনেচন অ’টো ইণ্ডিয়া প্ৰাইভেট লিমিটেড’ গঢ়ি তুলিছিল, তেতিয়া তেওঁ পঞ্জাব নেচনেল বেংকৰ পৰা ১৭০ কোটি টকা ঋণ লৈছিল৷
কিন্তু সেই ঋণৰ ১১০ কোটি পৰিশোধ কৰাতো দূৰৈৰে কথা, খট্টৰ আৰু তেওঁৰ নতুন সংস্থাই কোনো সুতো দিয়া নাই৷ ২০১৫ চনৰ পৰাই পিএনবিৰ এই পৰিমাণৰ অৰ্থ অনাদায়ী হৈ আছে৷
উল্লেখ্য যে পিএনবিৰ তৰফৰ পৰা খট্টৰ আৰু তেওঁৰ কোম্পানীক ঋণৰ বকেয়া পৰিমাণ বা তাৰ ওপৰত বকেয়া সুত অতি সোনকালে পৰিশোধ কৰিবলৈ বাৰে বাৰে সকীয়াই আছিল৷ কিন্তু তাৰ পিছতো খট্টৰে বিষয়টোত কোনো গুৰুত্ব দিয়া নাছিল৷ আনহাতে, তেওঁৰ সংস্থাৰ তৰফৰ পৰাও পিএনবিক একো এটাই জনোৱা নাছিল বুলি অভিযোগ উঠে৷













