![]()
বোকাখাত (Bokakhat)ৰ বিশিষ্ট লেখিকা, কবি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়াক সাংস্কৃতিক মহাসভা, অসমৰ তৰফৰ পৰা আজি নিজ গৃহত সম্বৰ্ধনা প্ৰদান (Kalpana Chetia felicited by Cultural Mahasabha, Assam) কৰে৷ অলপতে গুৱাহাটীৰ বিশেষ অনুষ্ঠানত অসমৰ ৰাজ্যপালে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে তেখেত যাব পৰা নাছিল।

আজি সাংস্কৃতিক মহাসভা, অসমৰ গোলাঘাট জিলা সমিতিয়ে কেন্দ্রীয় সমিতিৰ হৈ নিজ গৃহতে সম্বৰ্ধনা প্ৰদান কৰে। এই উপলক্ষে গোলাঘাট জিলাৰ সভাপতি পুৰঞ্জয় গোস্বামীৰ সভাপতিত্বত হোৱা অনুষ্ঠানত সাংস্কৃতিক মহাসভা, অসমৰ উপ সভাপতি অচ্যুত হাজৰিকা, জিলাৰ বিষয় ববীয়া, সদস্য ক্ৰমে প্ৰতাপ কন্দলী, বীৰেন্দ্ৰ নাথ বৰা, মুকুল বৰুৱা, মনোৰঞ্জন সেন আদিৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী পুতলী খাউণ্ড, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা শান্তি দত্ত বৰদলৈ, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃদুস্মিতা শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰা, সাহিত্যিক পেঞ্চনাৰ শিক্ষাবিদ কবি নিজৰা বৰঠাকুৰ আদি বহু সংখ্যক লোক উপস্থিত থাকে।
কল্পনা চেতিয়াক জাপি, সম্বৰ্দ্ধনা পত্র, প্ৰতিক চিহ্ন, গ্ৰন্থ, গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা প্ৰাপক চেতিয়াক বোকাখাতৰ বহু ব্যক্তি, দল সংগঠনে অভিনন্দন জনাইছে।













