![]()
দীপাৱলীৰ (Diwali 2023) সমগ্ৰ সমগ্ৰ দেশতে শব্দৰ উন্মাদনা চলি থকাৰ সময়ত তামিলনাডুৰ সাতখন গাঁও থাকিল একেবাৰে মৌন হৈ। গাঁওখনত থকা কোনো বাসিন্দাই নুফুটালে ফটকা। উৎসৱ উদযাপন কৰাৰ নামত তেওঁলোকে নকৰিলে কোনো অতিৰিক্ত হুলস্থুল। পোহৰৰ উৎসৱক কেৱল পোহৰেৰেই আদৰণি জনালে।

তামিলনাডুৰ ইৰোডৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাদামুংগম ভেলোড পক্ষী অভয়াৰণ্য। অক্টোবৰৰ পৰা পৰিভ্ৰমী চৰাই তালৈ যাবলৈ আৰম্ভ কৰে। সেই ‘অতিথি’সকল জানুৱাৰী মাহলৈকে থাকে। এই চৰাইকেইটাৰ কথা মনত ৰাখিয়ে এইবাৰ দেৱালীৰ দিনা গাঁৱৰ ৰাইজে ফটকা নুফুটালে। ইৰোডৰ সাতখন গাঁৱৰ বাসিন্দাসকলে সামূহিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত গাঁওবোৰত কেৱল লাইট আৰু চাকিৰেই দীপাৱলী পালন কৰা হয়।
ইৰোডৰ চেল্লাপম্পালায়ম, বাদামুংগম ভেল্লোড, চেম্মাণ্ডম্পলায়ম, কৰুক্কাংকট্টু ৱালাছু, পুংগাম্পাডি আদি গাঁৱত ‘নিৰৱ দীপাৱলী’ পালন কৰা হয়। গাঁওবোৰত প্ৰায় ৯০০ পৰিয়ালে বসবাস কৰে। এভিয়াৰী আৰু পৰিভ্ৰমী চৰাইবোৰৰ কথা মনত ৰাখি তেওঁলোকে ফটকা নুফুটোৱাৰ সিদ্ধান্ত ল’লে।
তামিলনাডুৰ এই সাতখন গাঁৱত দীপাৱলী সদায় অলপ বেলেগ। ইয়াৰ মানুহে ইজনে সিজনৰ লগত আলোচনা কৰি সামূহিকভাৱে দীপাৱলী উদযাপন কৰে।কেতিয়াও অতিৰিক্ত শব্দ সৃষ্টি কৰা নহয়। এই গাঁৱৰ ল’ৰা-ছোৱালীবোৰ সাধাৰণ চাকিৰ পোহৰৰ সজ্জাত সুখী। এইবাৰৰ উৎসৱৰ লগত পৰিভ্ৰমী চৰাইৰ বতৰৰ মিল আছে। গতিকে এইবাৰ ফটকা একেবাৰে ফুটোৱা নাই। এভিয়েৰী কৰ্তৃপক্ষই এই দীপাৱলীত চৰাইৰ কোনো ক্ষতি হোৱা নাই বুলি জানিবলৈ দিয়ে।










