![]()
আৰু মাত্ৰ কিছু সময়ৰ পাছত উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগৰ (Silkiara tunnel in Uttarkashi) পৰা ৪১ জন শ্ৰমিকক উলিয়াই অনা হʼব। ইয়াৰ পিছত তেওঁলোকক জিলা চিকিৎসালয়লৈ লৈ যোৱা হ’ব। যাতে তাত শ্ৰমিকক ভৰ্তি কৰাত বেছি পলম নহয়, তাৰ বাবে সুৰংগটোৰ পৰা চিকিৎসালয়লৈ গ্ৰিন কৰিডৰ নিৰ্মাণ কৰা হৈছে। সুৰংগটোৰ পৰা উলিয়াই অনাৰ পিছত এম্বুলেন্সত শ্ৰমিকসকলক উত্তৰকাশীৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হ’ব।
মঙলবাৰে বিয়লি সুৰংগৰ বাহিৰত এখন এখনকৈ এম্বুলেন্স আহি উপস্থিত হয়। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি দলসমূহ প্ৰস্তুত আছে। সুৰংগৰ পৰা উদ্ধাৰ কৰিব শ্ৰমিকক। ইয়াৰ পিছত প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ পিছত এম্বুলেন্সকেইখনে উত্তৰকাশী জিলা চিকিৎসালয়লৈ লৈ যাব।

সুৰংগটোৰ পৰা চিকিৎসালয়লৈ দূৰত্ব প্ৰায় ৪৫ কিলোমিটাৰ। জিলা চিকিৎসালয়খনৰ কাষতে এটা অস্থায়ী হেলিপেড নিৰ্মাণ (Construction of temporary helipad) কৰি হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে। কোনো শ্ৰমিকৰ অৱস্থা বেয়া হ’লে তেওঁক ততাতৈয়াকৈ হৃষিকেশৰ এইমছ হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব। তাতেই তেওঁৰ চিকিৎসা চলিব।
প্ৰশাসনৰ তথ্য অনুসৰি, উত্তৰকাশী জিলা চিকিৎসালয়ত ট্ৰমা কেয়াৰ ইউনিট, আইচিইউৰ বিছনা সাজু কৰি ৰখা হৈছে। শৰীৰৰ সমান্তৰালকৈ মনৰ চিকিৎসাও হ’ব শ্ৰমিকসকলৰ বাবে। ১২ নৱেম্বৰৰ পৰা ছিলকিয়াৰা সুৰংগত বন্দী হৈ আছে শ্ৰমিকসকল। তাৰ পিছৰে পৰা বিভিন্ন প্ৰকাৰে উদ্ধাৰৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। যদি এটা পৰিকল্পনা বিফল হয়, তেন্তে আন এটা পৰিকল্পনা গ্ৰহণ কৰি উদ্ধাৰৰ কাম আগবাঢ়িছে। শেষত নিগনিৰ দৰে গাঁত খান্দি উদ্ধাৰ অভিযান চলোৱা হয়। যন্ত্ৰৰ সলনি হাতেৰে খনন কৰা হৈছে। ই সফল হৈছে। মঙলবাৰে বিয়লি সুৰংগটোৰ বাহিৰত উপস্থিত হয় উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামীও (Uttarakhand CHIEF Minister present outside tunnel)।











