ASSAM TIMES POST,গোলাঘাটঃ বৰপথাৰ শাখা সাহিত্য সভাৰ উদ্যোগত বৰপথাৰৰ এগৰাকী উদীয়মান যুৱক প্ৰতিষ্ঠিত ব্যৱসায়ী মনোজ পোদ্দাৰ আৰু বৰপথাৰ মাৰোৱাৰী মহিলা সন্মিলনৰ সহযোগত যোৱা ১৯ জুলাইত দেৰগাঁৱৰ কেইবাটাও অঞ্চলত বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ কৰা হয়৷ দেৰগাঁৱৰ সমীপৱৰ্তী দক্ষিণ মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত নতুন সুবিধা চাপৰিৰ বিজয়পুৰ গাঁৱৰ লগতে দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ ধোদাং ভেকেলী, কৰৈগুৰি, আৰু চৰলপাৰ গাওঁ বাসীক বান সাহায্য বিতৰণ কৰা হয়৷ ইয়াৰ উপৰিও বাঁহগুৰি উঃমাঃবিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত থকা ২১ টা বন্যাৰ্ত পৰিয়ালক নিজ হাতে সাহায্য বিতৰণ কৰা দলটোৱে৷ বৰপথাৰ শাখা সাহিত্য সভাৰ এনে উদ্যোগক দেৰগাঁও সাহিত্য সভাকে ধৰি অঞ্চলটোৰ ৰাইজে শলাগ লয়৷













