ASSAM TIMES POST
নগাঁও : নগাঁও জিলাৰ বিভিন্ন স্হানত অব্যাহত আছে সংশোধনী নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ।আজি নগাঁও চহৰত ‘কা’ বাতিলৰ দাবীত প্ৰতিবন্ধীসকলে আকাশ বতাহ কঁপাই তোলে। মধ্য অসম প্ৰতিবন্ধী সন্থাৰ উদ্যোগত আজি নগাঁও চহৰত প্ৰতিবন্ধী সকলে এক প্ৰতিবাদী সমদল উলিয়াই।
সন্থাৰ সভাপতি টংকেশ্বৰ বৰা আৰু সাধাৰণ সম্পাদক চিন্ময় শংকৰ বৰাৰ নেতৃত্বত প্ৰায় তিনি শতাধিক প্ৰতিবন্ধীয়ে চহৰখনৰ মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা নগাওঁ চহৰৰ ৰাজপথত উলিওৱা ‘কা’ বিৰোধী সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্ৰতিবাদকাৰী প্ৰতিবন্ধী সকলে ‘কা’ আমি নামানো”, ‘কা’ বাতিল হবই লাগি, “অসমীয়া ভাষা সংস্কৃতি সুৰক্ষিত হবই লাগিব”,” ৰাইজ জাগিছে জাগিবই”,” সৰ্বানন্দ সোনোৱাল নিপাত যাওক”, “জাতিদ্ৰোহী অগপৰ তিনি নেতা হুচিয়াৰ”,”অতুল-কেশৱ-ফণী লেই লেই ছেই ছেই” আদি বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।
প্ৰতিবাদী সমদলৰ প্ৰাক্ মুহূৰ্তত অসম প্ৰতিবন্ধী সন্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে ‘কা’ই অসমীয়া জাতিৰ ভবিষ্যত বিপন্ন কৰিব। জাতিধ্বংসী এই আইন আমি কোনো কাৰণতে নামানো।” এই আইন বাতিল হবই লাগিব বুলি হুংকাৰ দি মালাকাৰে আৰু কয় যে,” আইনখন বাতিল নকৰা পৰ্যন্ত আমাৰ আন্দোলন চলি থাকিব।” তেওঁ ৰাইজক দীঘলীয়া আন্দোলনৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়।
আনহাতে আজি দক্ষিণ- পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিনপাটত এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই প্ৰতিবাদী সভাত বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ,শিল্পী-সাংবাদিক আদিয়ে অংশ গ্ৰহণ কৰে। স্থানীয় কৰ্মচাৰী পৰিষদ, সাহিত্য সভা, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, শিক্ষক সমাজ, বৰকলাৰ জাগ্ৰত মহিলা সমাজ, বালিগাঁও নামঘৰ, বালিগাঁও মজিদ কমিটি, অসমীয়া শিখ সমাজ, মৰিয়া সমাজ, দক্ষিণপাট জাগ্ৰত মহিলা মঞ্চ, দক্ষিণপাট ব্যৱসায়ী সন্থা, মনচুন কলা পৰিষদ, মহিলা শংকৰগুৰু গ্ৰাম্য সংগঠন, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে।
কেইবা সহস্ৰাধিক প্ৰতিবাদী ৰাইজে ‘কা’ জাপি দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। পুৰুষ- মহিলা, যুৱক যুৱতী সমন্বিতে ছাত্ৰ সমাজ আদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ গণ গৰ্জ্জন কৰে। “জয় আই অসম”, “লুইতৰ পাৰৰ আমি ডেকা-গাভৰু মৰিবলৈ আমাৰ ভয় নাই”,”কাৰ বিৰুদ্ধে ৰাইজ জাগিছে জাগিবই”,” কা বাতিল নকৰিলে সৰ্বা তোমাৰ নিস্তাৰ নাই”, “কা বাতিল হবই লাগিব” আদি বিভিন্ন শ্লোগানেৰে দক্ষিনপাটৰ আকাশ বতাহ মুখৰিত কৰি তোলা হয়।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্থানীয় বিশিষ্ট নাগৰিক প্ৰতাপ সিঙে কয় যে “বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসমত নাগৰিকত্ব সংশোধনী আইন জাপি দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আমাৰ মাজত বিভাজন আনিব বিচাৰিছে। সংহতি আৰু সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই অহা অসম বাসীয়ে চৰকাৰৰ এই ষড়যন্ত্ৰত উফৰাই দিব লাগিব। আইনখন বাতিলৰ বাবে ৰাইজে অনাগত দিনত অধিক শক্তিশালী ৰূপত গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব।” প্ৰতিবাদী সভাত অংশগ্রহণ কৰি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে “কা আমি কোনো কাৰণতে নামানো।
কাই অসমীয়া জাতিক ধ্বংসৰ মুখলৈ লৈ যাব। সেয়ে ‘কা’ৰ বিৰুদ্ধে আজি ৰাইজ আপোনা আপুনি ৰাজপথলৈ ওলাই আহিছে। চৰকাৰে ৰাইজৰ প্ৰতিবাদৰ ভাষা বুজি নাপালে অনাগত দিনত পৰিস্থিতি ভয়াবহ হৈ উঠিব।” জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি শংকৰজ্যোতি বৰাই কয় যে ” কাৰ বিৰুদ্ধে আমাৰ যুজঁ নিৰন্তৰ ভাবে চলি থাকিব। চৰকাৰে প্ৰলোভন দমন নীতিৰে আমাৰ আন্দোলন মষিমূৰ কৰিব বিচাৰিছে।” তেওঁ চৰকাৰক সকীয়নি দি কয়,”অসমৰ ৰাইজ ঐক্যবদ্ধ। এতিয়া আৰু চৰকাৰৰ প্ৰলোভন দমন নীতিৰে ৰাইজক টলাব নোৱাৰে।
চৰকাৰৰ এনে ষড়যন্ত্ৰ আমি উফৰাই দিম।” নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি পংকজজ্যোতি বৰাই আঁত ধৰা প্ৰতিবাদী সভাখনত কৰ্মচাৰী পৰিষদৰ নেতা শ্ৰীমন্ত দাস, শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নগাঁও জিলাৰ উপ সভাপতি ৰাজেন শইকীয়া, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা ফাইজুৰ ৰহমান,সাংবাদিক চন্দনজ্যোতি বৰা আদিয়ে ৰাইজক ‘কা’ৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ আহ্বান জনায়।সভাত শিল্পী দীলিপ শইকীয়া, স্বৰাজ দাস, তৰুন শইকীয়া,কিশোৰ বৰদলৈ,নৱজিৎ বৰুৱা,গৌৰৱ ডেকা,সংগীতা শইকীয়া,প্ৰাঞ্জনা কাশ্যপ আদিয়ে বিপ্লবী আৰু জাতীয় চেতনানূলক গীত পৰিবেশন কৰি ৰাইজক উদ্বুদ্ধ কৰি তোলে।
প্ৰতিবাদী সভাত দক্ষিন-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিমান বৰকাকতি,সাধাৰণ সম্পাদক মৃদুল বৰুৱা,ছাত্ৰ নেতা মনোজ কুমাৰ দাস, বৰকলাৰ বিশিষ্ট ব্যক্তি যজবীৰ সিং,প্ৰতাপ সিঙকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।প্ৰতিবাদী সভাত অসমীয়া শিখ সমাজ,মনচুন কলা পৰিষদ,বালিগাঁও নামঘৰ সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহন কৰে। ইপিনে,আজি নগাঁও জিলাৰ কাছমাৰীতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধীতাৰে ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক ৰাইজ।প্ৰতিবাদী ৰাইজে ‘কা’ আমাক নালাগে ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষী আঞ্চলিক’ শাখাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে ভকত বৈষ্ণৱ, বাপ বান্ধৱে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘কা’ আমাক নালাগে বুলি হুংকাৰ দিয়ে ।













