ASSAM TIMES POST
নিউজ ডেস্ক
দিল্লীত যেন এতিয়া সৰ্বত্ৰ কুঁৱলীৰ আচ্ছাদন৷ কুঁৱলীৰ প্ৰকোপত চকুৰে মণিব নোৱাৰা অৱস্থা৷ লগে লগে প্ৰচণ্ড শীতৰ প্ৰকোপ৷ আৰু কুঁৱলীৰ বাবেই গ্ৰেটাৰ নয়ডা এলেকাত দুৰ্ঘটনাত মৃত্যু হয় ২ নাবালকসহ ৬জনৰ৷

আনহাতে, আহত আৰু ৫জন চিকিৎসাধীন অৱস্থাত৷ ইফালে ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লী আৰু পাৰ্শ্বৱৰ্তী এলেকাসমূহত বিপৰ্যস্ত হৈছে ৰে’ল আৰু বিমান সেৱা৷

বহু ৰে’ল চলিছে পলমকৈ৷ দৃশ্যমানতা কমি যোৱাত দিল্লী বিমানবন্দৰত বিমানৰ উৰণ-চলাচলত ব্যাপক প্ৰভাৱ পৰিছে৷ দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰীসকলে৷

উল্লেখ্য যে দেওবাৰে পুৱা ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনৰ তাপমাত্ৰা আছিল ২.৮ ডিগ্ৰী চেলচিয়াছ, আজি পুৱা নামে ২.৬ ডিগ্ৰীলৈ৷ যিটো চিমলাৰ ৩ ডিগ্ৰীতকৈও কম৷ ঘন কুঁৱলীৰ লগতে প্ৰচণ্ড শীত প্ৰৱাহত এতিয়া বিপৰ্যস্ত দিল্লীৰ জন-জীৱন৷













