ASSAM TIMES POST
নিউজ ডেস্ক
দহ বছৰ বয়সৰ এটি কিশোৰ৷ গৈছিল নিউজীলেণ্ডৰ পৰা দক্ষিণ আফ্ৰিকালৈ৷ কিন্তু বিমানত উঠাৰ পূৰ্বে তেওঁক খুলিবলৈ দিয়া হ’ল পৰিধান কৰি থকা টী-শ্বাৰ্টটো৷ কাৰণটো হ’ল, তেওঁৰ টী-শ্বাৰ্টটোত অঁকা ভয়ংকৰ ছবি অন্য যাত্ৰীৰ বাবে ত্ৰাসৰ কাৰণ হ’ব পাৰে৷
সংবাদ প্ৰতিষ্ঠান ইণ্ডপেণ্ডেণ্টৰ এক বাতৰি মতে, পৰিয়ালৰ সৈতে নিউজীলেণ্ডৰ পৰা দক্ষিণ আফ্ৰিকালৈ গৈছিল ষ্টেভি লুকাছ নামৰ কিশোৰটো৷ তেওঁ পৰিধান কৰিছিল এটি টী-শ্বাৰ্ট৷ য’ত অঁকা আছিল এডাল সাপৰ ছবি৷ সেই ছবিটো ইমানেই ভয়ংকৰ আছিল যে অন্য যাত্ৰীক ত্ৰাসিত কৰিব পাৰে৷ ইয়াকে দাবী কৰে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে৷
ষ্টেভিৰ ক’লা ৰঙৰ টী-শ্বাৰ্টটোৰ ওপৰত অঁকা আছিল সেউজীয়া ৰঙৰ এডাল ভয়ংকৰ সাপৰ ছবি৷ সেই ছবি প্ৰত্যক্ষ কৰি নিৰপত্তা বিষয়াই কয় যে এই টী-শ্বাৰ্টটো পৰিধান কৰি বিমানত উঠিবৰ বাবে উপযুক্ত নহয়৷ লগে লগে ইয়াৰ প্ৰতিবাদ কৰে ষ্টেভিৰ পিতৃ ষ্টিভ আৰু মাতৃ মাৰ্গাই৷ কোনো নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ বক্তব্যক আওকাণ কৰে৷ উপায়ন্তৰ হৈ মাৰ্গাই পুত্ৰক টী-শ্বাৰ্টটো ওলোটাই পিন্ধিবলৈ কয়৷
অৱশ্যে সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰামতে, এই টী-শ্বাৰ্টটো ওলোটাই পিন্ধাৰ দৃশ্য বিমানবন্দৰৰ সুৰক্ষা কেমেৰাত ধৰা পৰিছে৷ বিষয়টোক লৈ ষ্টেভিৰ ফটোসহ এটি পোষ্ট কৰে ‘এভিয়েল ফেল’’ নামৰ এটা টুইটাৰ সংস্থাই৷ তাত দেখা গৈছে সাপৰ ছবি অংকিত টী-শ্বাৰ্ট পৰিধান কৰি আছে ষ্টেভিয়ে৷ যোৱা ২৬ ডিচেম্বৰত পোষ্ট কৰা এই পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷













