
উত্তৰ-পূর্বাঞ্চলৰ সর্ববৃহৎ যুব মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী (Karbi Youth Festival’s Golden Jubilee) উপলক্ষে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে। আজি কার্বি যুব মহোৎসৱস্থলী কার্বি পীপুলছ হলত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে কেচিএছৰ সভাপতি চন্দ্রছিং (KCS President Chandrasing) আৰু আদৰণি সমিতিৰ হৈ সম্পাদক ৰিচার্ড টকবি, পৰিষদৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুং, সূর্য ৰংফাৰ আৰু ৰিতেশ ইংহিয়ে। সংবাদমেলযোগে চন্দ্রছিং ক্ৰয়ে কয় যে, এইবাৰ ৩৫টা মাগুলিকৰ পাঁচ হেজাৰতকৈ অধিক শিল্পীয়ে অংশগ্রহণ কৰিব।
শিল্পীসকলক আদৰিবৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰিছে আদৰণি সমিতিয়ে। এইবাৰ আমেৰিকাৰ কালচাৰেল ৰেজিটেন্স (American Cultural Resistance) নামৰ সংস্থা এটাই জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ তিনিগৰাকী পুৰোধা ব্যক্তিলৈ বঁটা আগবঢ়াব। কার্বি কালচাৰেল ছ’চাইটিয়ে এই বঁটাৰ বাবে যুব মহোৎসৱৰ অন্যতম প্রতিষ্ঠাপক ৰয় ইংহি, কার্বি লোক সাহিত্যৰ গৱেষক লুঞ্চে তিমুং আৰু বিশিষ্ট গায়িকা পখিলা লেকথেপীলৈ এই সন্মান প্রদান কৰিবলৈ নাম মনোনীত কৰা বুলি প্রকাশ কৰি এই বঁটা অহা ১৭ জানুৱাৰীত প্রদান কবা হ’ব বুলিও জানিবলৈ দিয়ে।

পৰিষদৰ ৩০টা বিভাগৰ জৰিয়তে তাৰালাংছ’ত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি প্রকাশ কৰি এইবাৰ সোণালী জয়ন্তী মহোৎসৱ বহুক্ষেত্রত ব্যতিক্রমী হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। পৰিৱেশ সংৰক্ষণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ মহোৎসবস্থলীত প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ প্রচেষ্টা গ্রহণ কৰা বুলি বিচার্ড টকবিয়ে উল্লেখ কৰি কয় যে পানীৰ বটল ব্যৱহাৰৰ ক্ষেত্ৰত এইবাৰ নিষেধাজ্ঞা থাকিব। পানীৰ নাটনি দূৰ কৰিবলৈ বহুকেইটা কুঁৱা বনোৱাৰ লগতে জনস্বাস্থ্য কাৰীককৰী বিভাগে পর্যাপ্ত খোৱা পানীৰ যোগান ধৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে। দেশৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ উপৰি ক্রমে লাউচ, কম্বোডিয়া, ম্যানমানৰ ভিয়েটনাম, ঘানা, মালৰি, ইথিওপিয়াৰ ৰাষ্ট্রদূত উপস্থিত থকাৰ বাবে সন্মতি প্রদান কৰা বুলিও সংবাদমেলত জানিবলৈ দিয়ে।
ইয়াৰ লগতে আন্তঃৰাষ্ট্রীয় বহু শিক্ষার্থীয়েও এইবাৰ যুৱ মহোৎসৱত অংশ ল’ব। কালিৰে পৰা অনুষ্ঠিত হ’বলগীয়া কাৰ্বি যুৱ মহোৎসৱত সমগ্র অসমৰ লগতে দেশৰ নাগৰিকক অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে আয়োজক কার্বি সাংস্কৃতিক সমাজে। আনহাতে আজি তাৰালাংচত ৰাষ্ট্ৰপতি ভ্ৰমণৰ পূৰ্বে তাৰালাংচত উপস্থিত হৈ নিৰাপত্তাৰ দিশ পৰ্যালোচনা কৰে অসম আৰক্ষীৰ সঞিচালক প্ৰধান জিপি সিঙে৷












