ASSAM TIMES POST
নিউজ ডেস্ক
গেৰুৱা দলৰ হৈ মহাৰাষ্ট্ৰত চৰকাৰ দখলৰ একপ্ৰকাৰ দালালিত নামি ৰাতিটোৰ ভিতৰতে গেৰুৱা দলৰ নাও ডুবাত পুনৰ ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছিল৷ আৰু তেৱেঁ এতিয়া মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ উপ-মুখ্য মন্ত্ৰী৷ হয়, শাৰদ পাৱাৰৰ ভতিজা তথা এনচিপিৰ নেতা অজিত পাৱাৰৰ কথাকে কোৱা হৈছে৷ সোমবাৰে মহাৰাষ্ট্ৰৰ নতুন মন্ত্ৰীসভাত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাই নহয়, অজিত পাৱাৰে লাভ কৰে উপ-মুখ্য মন্ত্ৰীৰ পদ৷
উল্লেখ্য যে এক মাহৰ ব্যৱধানত একেই ৰাজ্যৰ দুই দলৰ হৈ তেওঁ শপত গ্ৰহণ কৰে৷ দুয়োবাৰেই লাভ কৰে উপ-মুখ্য মন্ত্ৰিত্বৰ পদ৷ অৱশ্যে এনে ‘বিৰল’ কৃতিত্ব ভাৰতবৰ্ষৰ আন কোনো নেতাৰ আছেনে নাই তাক লৈ এতিয়া ৰাজনৈতিক মহলত অভিলেখ খোঁচৰাৰ কাম আৰম্ভ হৈছে৷
সোমবাৰে সম্প্ৰসাৰিত হোৱা উদ্ধৱ থাকৰে মন্ত্ৰীসভাত স্থান লাভ কৰে উদ্ধৱ পুত্ৰ আদিত্য থাকৰেও৷ এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰ গঠনক লৈ যেতিয়া মহাৰাষ্ট্ৰত এক অচলাৱস্থাৰ সৃষ্টি হৈছিল, শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ গুণা-গঁথা চলিছিল, তেতিয়া আদিত্য থাকৰে মহাৰাষ্ট্ৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হ’ব পাৰে বুলিও জল্পনা-কল্পনা চলিছিল৷ কিন্তু শেষ মুহূৰ্তত তিনি দলৰ নেতা হিচাপে উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী আসনত বহিছিল৷ এইবাৰ মন্ত্ৰীসভাত আদিত্যক চামিল কৰিছে পিতৃ উদ্ধৱ থাকৰেই৷ অৱশ্যে তেওঁক মন্ত্ৰীসভাত কি দপ্তৰ প্ৰদান কৰা হ’ব সেইটো এতিয়াও জানিব পৰা হোৱা নাই৷













