ASSAM TIMES POST
নিউজ ডেস্ক
মাহৰ অন্ত পৰিলেই ঘৰভাৰাৰ বাবদ বিচাৰে ১৫ লাখ টকা৷ অন্যান্য খৰচৰ বাবদতো পঠায় এখন দীঘলীয়া বিল৷ ইয়াৰ ফলতেই অষ্ট্ৰিয়াত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূত ৰেণু পলক দেশলৈ ঘূৰি অহাৰ নিৰ্দেশ দিয়ে বিদেশ মন্ত্ৰণালয়ে৷ লগতে তেওঁৰ বিৰুদ্ধে অনা হৈছে বিত্তীয় অনিয়ম আৰু চৰকাৰী ধন অপব্যয়ৰ অভিযোগ৷
উল্লেখ্য যে ১৯৮৮ বেট্ছৰ ‘ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ অফিচাৰ’ হ’ল ৰেণু পল৷ অষ্ট্ৰিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে অহা মাহত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল৷ তাৰ মাজতেই ঘটিল এই ঘটনা৷
বিদেশ মন্ত্ৰণালয়ৰ এক সূত্ৰৰ খবৰ মতে, কূটনীতিবিদ হিচাপে যথেষ্ট সা-সুবিধা পাইছিল ৰেণু পলে৷ ভুল হিচাপ দেখুৱাই খৰচতকৈ অধিক টকা তুলিছিল তেওঁ৷ চৰকাৰী অনুমতি নোহোৱাকৈয়ে নিজ ইচ্ছামতে টকাও খৰচ কৰিছিল৷ কোটি কোটি টকা ব্যয়েৰে তাত ঘৰ সজাৰো অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে৷
বিষয়টো পোহৰলৈ অহাৰ লগে লগে তৎপৰ হৈ উঠে চেণ্ট্ৰেল ভিজিলেন্স কমিছন অৰ্থাৎ চিভিচি আৰু বিদেশ মন্ত্ৰণালয়৷ অভিযোগ তদন্তৰ বাবে ছেপ্টেম্বৰত ভিয়েনাত উপস্থিত হৈছিল চিভিচিৰ এটা দল৷ চিভিচিৰ প্ৰতিবেদনত ৰেণু পলৰ বিৰুদ্ধে বিত্তীয় অনিয়ম আৰু চৰকাৰী ধন অপচয়ৰ অভিযোগ তোলা হৈছিল৷













