ASSAM TIMES POST
নিউজ ডেস্ক
সুনীল গাভাস্কাৰ ক্ৰিকেট ফাউণ্ডেচন ট্ৰাষ্টক ৩১ বছৰ পূৰ্বে দিয়া ভূমি ঘূৰাই ল’বলৈ বিচাৰিছে মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটীয়ে৷
বান্দ্ৰাত ২১ হাজাৰ ৩৪৮ বৰ্গফুটৰ ভূমি এমএইচএডিএয়ে প্ৰদান কৰিছিল ১৯৮৮ চনত৷ কিন্তু তিনি দশক পাৰ হৈ যোৱাৰ পিছতো সেই ভূমিত গাবাস্কাৰৰ ক্ৰিকেট একাডেমীৰ কাম আৰম্ভ নহ’ল৷ যেনে আছিল তেনেদৰেই পৰি আছে ভূমিডোখৰ৷
এমএইচএডিএৰ উপ-সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া মিলিন্দ মাহিস্কৰে জনোৱামতে, ভূমি ঘূৰাই লোৱাৰ সম্পৰ্কত চৰকাৰৰ ওচৰত ইতিমধ্যেই তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে ১৯৮৮ চনত গাবাস্কাৰ ট্ৰাষ্টক ভূমি প্ৰদানৰ চৰ্ত আছিল- ভূমি লাভৰ তিনি মাহৰ ভিতৰত একাডেমীৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিব লাগিব আৰু তিনি বছৰৰ ভিতৰত কাম শেষ কৰিব লাগিব৷ কিন্তু সেই কাম এতিয়া আৰম্ভ হোৱা নাই৷ সেয়েহে ভূমি উভতাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷
ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা স্থানী য়বিধায়ক আশিস শেলাই মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটীয়ে ভূমি ঘূৰাই লোৱাৰ সিদ্ধান্তক সমৰ্থন কৰি মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেলৈ লিখা এক পত্ৰত উল্লেখ কৰিছে, “গাভাস্কাৰৰ ক্ৰিকেটীয় প্ৰজ্ঞাক লৈ আমি গৰ্বিত৷ কিন্তু ভূমি প্ৰদানৰ পিছত তিনিটা দশক পাৰ হৈ যোৱাৰ পিছতো তাত নিৰ্মাণকাৰ্য আৰম্ভ কৰা নাই৷ এনে অৱস্থাত যদি মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলেপমেণ্ট অথৰিটীয়ে তাত ক্ৰিকেট একাডেমী নিৰ্মাণৰ সিদ্ধান্ত বাহাল ৰাখে তেতিয়াহ’লে আমি তাক সমৰ্থন জনাইছোঁ৷”













