বৰ্তমানেও হাইলেণ্ডৰ আশ্ৰয়-থলীত একে চালিৰ তলতে আৱদ্ধ বানাক্ৰান্ত মানুহ, পশু
ASSAM TIMES POST,বোকাখাতঃ বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত যোগনীয়া মথাউৰিত আশ্ৰয় লৈ থকা বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত যোগনীয়া আৰু মৰিয়াহোলা গাঁৱৰ প্ৰায় ৮০ টা বান পীড়িত পৰিয়াললৈ বান সাহায্য প্ৰদান কৰা হয়। এই সাহায্যত আছে বিস্কুট, চিৰা, মিঠাতেল, গুড়কে আদি কৰি খাদ্য সামগ্ৰী, ডেটল চাবোন, ডিটাৰ্জেণ্ট পাওদাৰ, ডিটাৰ্জেণ্ট চাবোন, ফেনাইল, মহ দূৰকাৰী ধূপ, মহিলাৰ বাবে চেনিটেৰী নেপকীন, বহু সংখ্যক কাপোৰ কানি ইত্যাদি।
এই সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত আছিল বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, উপদেষ্টাবৃন্দ ক্ৰমে নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া আৰু মনালিছা শইকীয়া, সাংগঠনিক সম্পাদক অজন্তা তালুকদাৰ, অসম সাহিত্য সভাৰ আকাশ আৰু কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সমিতিৰ সহকাৰী আহ্বায়িকা লখিমী মহন্ত, শুভাকাংক্ষী দীপক চন্দ্ৰ মহন্ত আৰু গুঞ্জনিধি মহন্তকে আদি কৰি সংগঠনটোৰ ভালেসংখ্যক সদস্য, আশাকৰ্মীদ্বয় মীনা দত্ত আৰু অম্বিকা শইকীয়া, লগতে ভক্ত বাহাদুৰ ছেত্ৰী, বীৰ বাহাদুৰ চুব্বা, গৌতম শইকীয়া, জিতু হাজৰিকাকে আদি কৰি ভালেসংখ্যক স্থানীয় বানপীড়িত ৰাইজ উপস্থিত আছিল।
ব্ৰহ্মপুত্ৰৰ অধিক বাঢ়নী পানীয়ে মৰি-ধনশিৰি, ডিফলু আৰু তিনিসুঁতি নৈৰ বাঢ়নী পানীক ভেটি দক্ষিণলৈ উজাই অহাৰ ফলত বৃহত্তৰ বোকাখাত অঞ্চলৰ বহু গাঁও ভূঁই জলমগ্ন হৈ ঘৰ-বাৰী, কৃষিভূমি আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিলে যোৱাটো পষেকত। এই বানত বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত যোগনীয়া অঞ্চল সম্পূৰ্ণৰূপে ডুব গৈ কৃষিভূমি, পশুধনৰ বিস্তৰ ক্ষতিৰ লগতে সাধাৰণ জীৱন গুৰুতৰভাবে ব্যাহত হৈ পৰিছে।
বানপীড়িত সকলক প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সমূহীয়া উদ্যোগত বিভিন্ন নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু এই পৰ্যন্ত যোগনীয়া আৰু মৰিয়াহোলা গাঁৱৰ অধিকাংশ বানাক্ৰান্তই যোগনীয়া মথাউৰিৰ ওপৰত টিনপাতৰ বেৰ আৰু চালিৰে সজা অস্থায়ী শিবিৰত বোকা পানীৰ মাজত এক কদৰ্য আৰু শোচনীয় জীৱন যাপন কৰিব লগীয়া হৈছে। প্ৰশাসনৰ তৰফৰ পৰা খাদ্য, চিকিৎসা, দৰবকে আদি কৰি অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা হৈছে যদিও পৰ্যাপ্ত চিকিৎসাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। তদুপৰি খোৱা পানীৰ অভাৱে পিষ্ট কৰিছে বানপীড়িতক।
এটুপি খোৱা পানীৰ বাবে বহু দূৰৰ পৰা খোজ কাঢ়ি, নাৱেৰে খোৱা পানী কঢ়িয়াই আনিব লগীয়া হৈছে আশ্ৰয় শিবিৰৰ বান-শৰণাৰ্থীয়ে। এই সকল বন্যাৰ্তই মথাউৰিৰ ওপৰতে নিজাকৈ অস্থায়ীভাৱে সাজি লোৱা চালিৰ তলতে শিশু, আবাল বৃদ্ধ-বণিতা সমন্বিতে মানুহৰ লগতে একে চালিৰ তলত পশুধনৰো জীৱন বচাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছে। তাত প্ৰশাসনৰ খাদ্য সামগ্ৰীৰ সাহায্য পাইছে যদিও বোকা-পানীৰ কদৰ্য পৰিৱেশত ৰন্ধন কাৰ্যৰ বাবে সুচল ঠাইৰ অভাৱ ঘটি দুমুঠি অন্নৰ বাবে বন্যাৰ্তই হাহাকাৰ কৰিবলগীয়া হৈছে। তদুপৰি পশুখাদ্যৰ অভাৱ হোৱা বুলি বান পীড়িতসকলে অভিযোগ আনিছে।
পশুধনৰ বাবে প্ৰশাসনৰ পৰা তুঁহগুৰি প্ৰদান কৰা হৈছে। পৰ্যাপ্ত সেউজীয়া ঘাঁহৰ অভাৱৰ কথা দোহাৰি বানাক্ৰান্তসকলে কয় যে মাথো তুঁহ গুৰিৰে পশুধনৰ জীৱন নচলে। এই শৰণাৰ্থী সকলৰ বাসগৃহ এতিয়াও উভতি যাব পৰাকৈ স্বাস্থ্যোপযোগী হৈ উঠা নাই। এতিয়াও কমপক্ষেও ঠায়ে ঠায়ে দুই-তিনিফুট পানীৰ তলত আছে এই সকল বান পীড়িতৰ ঘৰ।













