ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০১৯ত কোন কোন নায়িকাই বলীউডত প্ৰভাৱ পেলালে ?

ASSAM TIMES POST by ASSAM TIMES POST
December 31, 2019
Reading Time: 1 min read
A A
0
২০১৯ত কোন কোন নায়িকাই বলীউডত প্ৰভাৱ পেলালে ?

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন

অভিনয়ৰ পথাৰত এইবাৰ নাছিল দীপিকা পাডুকন বা অনুষ্কা শৰ্মা৷ ‘গাল্লি বয়’-এ অস্কাৰৰ দৌৰত আমাৰ দেশৰ পৰা এণ্ট্ৰি পালেও, সেইখন আলিয়া ভাটৰ ছবি বুলি সম্পূৰ্ণভাৱে ক’ব পৰা নাযায়৷ প্ৰায় তিনি বছৰ পিছত হিন্দী ছবি জগতলৈ উভতি আহে প্ৰিয়ংকা চোপ্ৰা ‘দ্য স্কাই ইজ পিংক’ ছবিৰ জৰিয়তে৷ কংগনা ৰাণাৱাটে ‘মণিকৰ্ণিকা : দ্য কুইন অব্‌ ঝান্সি’ত যিমান গৰজিলে, পিছে সিমান নবৰষিল বক্স অফিচত৷ তেতিয়াহ’লে কি ২০১৯ বৰ্ষটো বলীউডৰ অভিনেত্ৰীসকলৰ বাবে মন্দা বৰ্ষ আছিল নেকি?

নিশ্চয় নহয়৷ ২০১৯ত হিন্দী ছবি উদ্যোগত প্ৰতিষ্ঠিত নায়িকাসকলৰ বিপৰীতে নতুন মুখেহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ বৰ্ষটোৰ দৌৰত আগুৱাই থাকে কিছু অপ্ৰত্যাশিত নাম৷ মেগা হিট ‘কবীৰ সিঙ’ৰ প্ৰীতি অৰ্থাৎ কিয়াৰা আডৱানী হ’ল বছৰটোৰ সকলোতকৈ ডাঙৰ চমক৷ বছৰটোৰ শেষত মুক্তি পোৱা অক্ষয় কুমাৰৰ ছবি ‘গুড নিউজ’ৰ জৰিয়তেও কিয়াৰাই দৰ্শক-সমালোচকৰ দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, বিগত বৰ্ষত কৰণ জোহৰৰ ছবি ‘লাষ্ট ষ্টৰিজ’ৰ জৰিয়তে কিয়াৰাই সঠিকভাৱেই বুজাইছিল যে তেওঁৰ সৌন্দৰ্য কেৱল মুখমণ্ডল বা দেহতে নাই, অভিনয় প্ৰতিভাৰ সৌন্দৰ্যৰেও তেওঁৰ উজলি উঠিব পৰা সামৰ্থ্য আছে৷ ‘কবীৰ সিঙ’ত তেওঁৰ চৰিত্ৰায়ন সমালোচিত হ’লেও কিয়াৰাই বৃদ্ধি কৰে ‘ব্ৰেণ্ড ভেলু’৷ সেয়েহে হয়তো আগন্তুক বৰ্ষৰ বাবে তেওঁৰ হাতত ইতিমধ্যে ঘোষণা কৰা চাৰিটা প্ৰকল্প৷

‘ডেবিউ’ ছবিতে বলীউডৰ ‘ষ্টেৰিঅ’টাইপ’ ভাঙিছিল ভূমি পেডনেকৰে৷ পৰৱৰ্তী সময়ত একেই ধাৰাৰ চৰিত্ৰত দেখি দেখি দৰ্শকে একঘেয়ামী অনুভৱ কৰিছিল৷ কিন্তু উপযুক্ত সময়ত বাজী ওলোটাই দিয়ে ভূমিয়ে৷ ‘সোণচিড়িয়া’, ‘চান্দ কী আখ’, ‘বালা’, ‘পতি, পত্নী অউৰ ৱ’…’ এই চাৰিখন ছবিত ভিন্ন চৰিত্ৰত অভিনয় কৰি প্ৰমাণ কৰিলে তেওঁৰ অভিনয় দক্ষতা৷ ‘সোণচিড়িয়া’ক বাদ দি বাকী তিনিওখন ছবিয়ে বক্স অফিচত সফল৷ চাৰিওখন ছবিয়ে প্ৰায় ৩০০ কোটিৰ ওচৰত ব্যৱসায় কৰে৷ ভূমিৰ অভিনয়ক লৈ সংশয় নাছিল৷ সেয়ে গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰিবনে নকৰে সেই বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত ভূমিয়ে এবাৰ কৈছিল, “এতিয়াতো নায়িকাৰ সংজ্ঞা সলনি হৈছে৷ কনটেণ্ট আৰু গ্লেমাৰৰ সংমিশ্ৰণ হৈছে, তেনেকুৱা চৰিত্ৰত অভিনয় কৰিব বিচাৰোঁ৷”

বিদায়ী বৰ্ষটোৰ এখন অন্যতম হিট ছবি আছিল ‘উড়ি : দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’৷ ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল ইয়ামি গৌতমে৷ সেয়েহে ছবিখনৰ সফলতাৰ অংশীদাৰ তেৱোঁ৷ ‘বালা’ত আয়ুস্মান খুৰানা আৰু ভূমি পেডনেকাৰৰ দৰে শিল্পীৰ ভাল অভিনয়ৰ লগতে ইয়ামিয়েও লাভ কৰে সমালোচকৰ বাহ বাহ৷

বিগত দুটা বছৰত অন্য ধাৰাৰ ছবিৰ জৰিয়তে বলীউডত নিজৰ স্থান মজবুত কৰিছে তাপসী পান্নুৱে৷ এই বছৰো তেওঁৰ দুখন সফল ছবি হ’ল ‘বদলা’ আৰু ‘চান্দ কী আখ’৷

এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে আগন্তুক বছৰটোক লৈ৷ কিয়নো এইসকলৰ সৈতে অভিনয়ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব জাহ্নৱী কাপুৰ আৰু চাৰা আলী খানৰ দৰে নৱাগতাসকল৷ আনহাতে, ইয়াৰ সৈতে থাকিব দীপিকা পাডুকন, আলিয়া ভাটৰ দৰে প্ৰতিষ্ঠিত অভিনেত্ৰী সকলো৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx