ASSAM TIMES POST
নিউজ ডেস্ক
নৱবৰ্ষৰ প্ৰখম দিনটোতে ৰক্ত প্ৰৱাহিত হ’ল কাশ্মীৰত৷ কাশ্মীৰৰ ৰাজৌৰিৰ নিয়ন্ত্ৰণৰেখাৰ ওচৰত সশস্ত্ৰ অনুপ্ৰৱেশকাৰীৰ হাতত প্ৰাণ হেৰুৱাবলগা হ’ল দুগৰাকীকৈ ভাৰতীয় জোৱানে৷
সেনাবাহিনীৰ সূত্ৰই জনোৱামতে, অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা গোপন সূত্ৰে জানিব পাৰে সেনাই৷ তাৰ পৰিপ্ৰেক্ষিততে আৰম্ভ কৰে তালাচী অভিযান৷ সেই সময়তে পাক অধিকৃত কাশ্মীৰৰ পৰা খাৰি খাৰায়াত অৰণ্য হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল অনুপ্ৰৱেশকাৰীসকলে৷ এই কাৰ্যত বাধা দিবলৈ যাওঁতে দুয়োপক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা৷ এই ঘটনাতেই প্ৰাণ হেৰুৱাবলগীয়া হয় দুই জোৱানে৷
জম্মুৰ ভাৰতীয় সেনাৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে এক বিবৃতিত প্ৰকাশ কৰে, “নৌছেৰা ছেক্টৰত তালাচী অভিযান চলাই থকাৰ সময়তে দুই জোৱানে প্ৰাণ হেৰুৱাবলগা হয়৷ অঞ্চলটোত এতিয়াও তালাচী অভিযান চলি আছে৷ কোনো সন্ত্ৰাসবাদী লুকাই আছে নেকি তাৰ সন্ধান কৰি থকা হৈছে৷”













