ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
বছৰটোৰ শেষত আন এক কৃতিত্ব লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে৷ আইচিচিৰ টেষ্ট বেটছমেনৰ ৰেংকিঙত শীৰ্ষস্থান দখলেৰে কোহলিয়ে ২০১৯ বর্ষৰ সমাপ্তি ঘটালে৷ আইচিচিৰ শীৰ্ষ ১০গৰাকী টেষ্ট বেটছমেনৰ বছৰৰ অন্তিম ৰেংকিঙত বিৰাট কোহলিয়ে ৯২৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ ৯১১ পইণ্টেৰে দ্বিতীয় স্থানত থাকে। আনহাতে, নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ৮২২ পইণ্ট লাভ কৰি তৃতীয় স্থানত থাকে। এই ৰেংকিঙত ভাৰতীয় দলৰ আন দুজন বেটছমেন ক্ৰমে চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই ক্ৰমান্বয়ে পঞ্চম আৰু সপ্তম স্থান লাভ কৰে।













