ASSAM TIMES POST
ডিফু : কাৰবি আংলং ট্ৰাক চালক সকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আজি মাঞ্জাত এক সভা অনুষ্ঠিত হৈ যায় ৷ বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা, লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰবি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ মাজত মাঞ্জা বজাৰ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত দীৰ্ঘ আলোচনাৰ অন্তত ট্ৰাক চালক সকলৰ পূৰ্বৰ দৰমহা ৬০০০ /- টকাৰ পৰা সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে ৭৫০০/ – টকালৈ বৃদ্ধি কৰা হয় ৷

জলপানি মাচুল পূৰ্বৰ স্থিতিতেই থাকিব বুলি সভাই প্ৰস্তাব গ্ৰহণ কৰে ৷ আৰু প্ৰস্তাৱিত বৰ্ধিত দৰমহা ১ জানুৱাৰী ২০২০ চনৰ প্ৰযোজ্য হব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাত কাৰবি আংলং মটৰ শ্ৰমিক চালক আৰু চালক সন্থাৰ সভাপতি কৃষ্ণ ভট্টৰায়, কিয়ন তিমুঙ, অজিত বক্ত আৰু অনান্য সকল উপস্থিত থাকে ৷













