ASSAM TIMES POST
নিউজ ডেস্ক
পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদৰ উৎসস্থলত আক্ৰমণ কৰাৰ অধিকাৰ আছে ভাৰতৰ৷ নতুন সেনা প্ৰধানৰ এই বক্তব্যৰ তীব্ৰ বিৰোধিতা পাকিস্তানৰ৷ জেনেৰেল মনোজ মুকুন্দ নৰৱেনৰ এই মন্তব্যক ‘দায়িত্বজ্ঞানহীন’ আৰু প্ৰৰোচনামূলক বুলি এক বিবৃতিত প্ৰকাশ কৰিছে ইছলামাবাদ মহলে৷ আনহাতে, বালাকোট অভিযানৰ সময়ৰ অভিনন্দন বৰ্তমানৰ প্ৰসংগও টানি আনি ইমৰাণ খান চৰকাৰৰ সতৰ্কবাণী, সেই ঘটনাৰ কথা যেন ভাৰত চৰকাৰে পাহৰি নাযায়৷ ইয়াৰ উপৰি এনে ধৰণৰ আক্ৰমণ হ’লে পাকিস্তান যে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত সেই সাবধানবণীও শুনাইছে ইছলামাবাদে৷
উল্লেখ্য যে নতুন সেনা প্ৰধান হিচাপে যোৱা মঙলবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিছিল মনোজ মুকুন্দ নৰৱেনে৷ উক্ত দিনা সংবাদ প্ৰতিষ্ঠান পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে পাকিস্তানে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা বন্ধ নকৰিলে পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত পূৰ্ব-পৰিকল্পিত আক্ৰমণ কৰাৰ অধিকাৰ আছে ভাৰতৰ৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু বালাকোট অভিযানেই তাৰ প্ৰমাণ বুলিও উল্লেখ কৰিছিল জেনেৰেল নৰৱেনে৷
ইয়াৰ পৰৱৰ্তী দিনটোত অৰ্থাৎ বুধবাৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে পাকিস্তানে৷ পাক বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “নিয়ন্ত্ৰণৰেখাত পূৰ্ব-পৰিকল্পিত আক্ৰমণ সম্পৰ্কীয় ভাৰতীয় সেনা প্ৰধানৰ এই বক্তব্যক খাৰিজ কৰে পাকিস্তানে৷ পাক অধিকৃত কাশ্মীৰত বা পাকিস্তানৰ অভ্যন্তৰত বাৰতৰ দিশৰ পৰা যিকোনো আগ্ৰাসনক প্ৰত্যুত্তৰ দিবলৈ পাকিস্তান যে প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰস্তুত তাক লৈ কোনো সন্দেহ থকা উচিত নহয়৷ বালাকোটত ভুল অভিযানৰ সময়ত পাকিস্তানে কি প্ৰত্যুত্তৰ দিছিল, সেইটো যেন কোনেও পাহৰি নাযায়৷”













