ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
প্ৰবল প্ৰত্যাশা লৈ আগবাঢ়িলেও বক্স অফিচত মুখ থেকেচা খোৱা কিছু সংখ্যক বলীউডৰ ছবি প্ৰতি বছৰে থাকে৷ ২০১৯ বৰ্ষও তাৰ ব্যতিক্ৰম নহয়৷ বিগত বৰ্ষটোতো এনে কিছু হিন্দী ছবি মুক্তি পাইছে, যাৰ ব্যৱসায় আশানুৰূপ নহয়৷ ইয়াৰে ভিতৰত কিছু ছবিয়ে হয়তো সমালোচকৰ প্ৰশংসা লাভ কৰিছে, কিন্তু প্ৰযোজকে লাভ কৰা নাই ধন লক্ষ্মী৷ তেনে কেইখনমান ছবিৰ কথাই ইয়াত উল্লেখ কৰা হৈছে৷

কৰণ জোহৰৰ প্ৰযোজনাত বহু তাৰকাখচিত ছবি ‘কলংক’ মুক্তিলাভ কৰিছিল ২০১৯ৰ এপ্ৰিলত৷ বহু প্ৰত্যাশা লৈ ছবিখন নিৰ্মাণ কৰিলেও বক্স অফিচত কিন্তু মুখ থেকেচা খায় ছবিখনে৷ মাধুৰী দীক্ষিত, সৎ্জয় দত্ত, আলিয়া ভাট, সোণাক্ষী সিনহা, আদিত্য ৰয় কাপুৰৰ দৰে তাৰকাৰ অভিনয়েও অৰ্থ-ডুবাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে ছবিখনক৷ ছবিখনৰ বক্স অফিচৰ সংগ্ৰহ আছিল মাথোঁ ৮১ কোটি৷

ছবিখন আছিল এখন পাৰিবাৰিক হাস্যৰসৰ৷ এই সামাজিক ছবিখন চাবলৈ দৰ্শকে ছবিগৃহত ভিৰ কৰিব বুলিয়েই আশা কৰিছিল নিৰ্মাতাই৷ কিন্তু ‘পাগলপন্তি’ ছবিখনৰ এই আশাত কাৰ্যত চেঁচাপানী পৰে৷ অনিল কাপুৰ, আৰ্শ্বাদ ৱেৰছিৰ অভিনয়েও দৰ্শকক ছবিগৃহমুখী কৰাত বিফল হয়৷ নৱেম্বৰ মাহত মুক্তিলাভ কৰা এই ছবিখনে উপাৰ্জন কৰে মাত্ৰ ৩৩ কোটি টকা৷

পাণিপথৰ তৃতীয় যুদ্ধক লৈ তিনি বছৰ পিছত পৰ্দালৈ উভতিছিল আশুতোষ গোৱাৰিয়েকৰ৷ কিন্তু তেওঁৰ পূৰ্বৰ ছবি ‘মহেঞ্জোদাৰো’ৰ দৰেই পাণিপথে লাভৰ পানী নাপালে৷ অৰ্জুন কাপুৰ, সঞ্জয় দত্তৰ অভিনয়ত মাৰাঠা-আফগান দ্বন্দ্বই সমালোচকৰ প্ৰশংসা লাভ কৰে যদিও দৰ্শকে ছবিখনৰ ফালে মুখ ঘূৰায়৷ ছবিখনৰ ব্যৱসায় আছিল ৩২.৬২ কোটি৷

মুক্তিৰ দিন পিছুওৱাৰ পিছতো শেষ ৰক্ষা নহ’ল ‘জবৰিয়া জোড়ি’ৰ৷ সিদ্ধাৰ্থ মলহোত্ৰা আৰু পৰিণীতি চোপ্ৰাৰ যুটিক পচন্দ নকৰিলে দৰ্শকে৷ ইয়াৰ পৰিৱৰ্তে সকলোৱে পচন্দ কৰে একে সময়তে মুক্তিলাভ কৰা ‘মিছন মংগল’ আৰু ‘বাটলা হাউছ’ উপভোগ কৰিবলৈ৷ ফলত আগষ্টত মুক্তিলাভ কৰে ছবিখনে বক্স অফিচত সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১৬.৩৩ কোটি টকা৷

ছানী দেউলে নিজৰ পুত্ৰ কৰণক বলীউডত অৱতীৰ্ণ কৰাইছিল৷ ফলত ‘পল পল দিল কে পাচ’ ছবিখনক লৈ ছবি উদ্যোগৰ কৌতুহল বাঢ়িছিল৷ ছবিখনৰ মুক্তিৰ দিনো বহুবাৰ সলনি কৰা হৈছিল৷ অৱশেষত ছবিখনে মুক্তিলাভ কৰে ২০ ছেপ্টম্বৰত৷ কিন্তু এই সংগীত মধুৰ ৰোমাণ্টিক ড্ৰামাই লাভ নকৰিলে দৰ্শকৰ অনুগ্ৰহ৷ ছবিখনৰ ব্যৱসায় হ’ল ৭.৯৫ কোটি টকাৰ৷

চম্বল উপত্যকাৰ কাহিনী ‘সোণচিড়িয়া’ক দৰ্শকৰ প্ৰত্যাশা আছিল প্ৰথমৰে পৰাই৷ ছবিখনত সুশান্ত সিং ৰাজপুত আৰু ভূমি পেডনেকাৰৰ অভিনয়ও আছিল প্ৰশংসনীয়৷ কিন্তু ইমানৰ পিছতো ছবিখন উপভোগ কৰিবলৈ দৰ্শক নগ’ল ছবিগৃহলৈ৷ মাৰ্চত মুক্তিলাভ কৰা ছবিখনৰ প্ৰযোজক সন্তুষ্ট থাকে মাত্ৰ ৬.৬০ কোটিৰ ব্যৱসায়তে৷

দুৰ্দান্ত অভিনয়ৰ লগতে প্ৰযোজনাও আছিল সঞ্জয় দত্তৰ৷ কিন্তু বক্স অফিচত অসফল হ’ল ‘প্ৰস্থানম’৷ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনে ব্যৱসায় কৰে মাত্ৰ ৪.৭৫ কোটি টকাৰ৷ চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ ধাৰণা, বক্স অফিচত ছবিখনে আৰু অধিক ভাল প্ৰদৰ্শন কৰা উচিত আছিল৷

শিল্পী দাসগুপ্তৰ পৰিচালনাত ‘খানদানি চোফাখানো’ মুক্তি পাইছিল আগষ্টত৷ বাজেট আছিল ২৬ কোটি টকাৰ৷ কিন্তু প্ৰযোজকক চৰম হতাশ কৰি এই ছবিখনে ব্যৱসায় কৰে মাত্ৰ ৩.৮৩ কোটি টকাৰ৷ বৰুণ শৰ্মা, সোণাক্ষী সিনহা ষ্টাৰডমেও দৰ্শকক আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হয়৷

ঋষি কাপুৰ-ইমৰাম হাছমি অভিনীত ‘দ্য বডী’ হ’বলগা আছিল সফল ক্ৰাইম থ্ৰিলাৰ৷ কিন্তু বছৰটোৰ আন এখন থ্ৰিলাৰ ‘বদলা’ যিমানেই সফল আছিল, সিমানেই অসফল ‘দ্য বডী’৷ ছবিখনে মুক্তিলাভ কৰিছিল ১৩ ডিচেম্বৰত৷ কিন্তু সমালোচক বা দৰ্শক কাৰোৰেই কাষ চাপিবলৈ সক্ষম নহ’ল ছবিখন৷ ছবিখনৰ মুঠ ব্যৱসায় হ’ল ৩.৪৪ কোটি টকা৷

ইমৰান হাছমিৰ আৰু এখন অপৰাধমূলক ছবি সৌমিক সেন পৰিচালিত ‘হোৱাই চীট ইণ্ডিয়া’ও ব্যৰ্থ হয় বক্স অফিচত৷ ছবিখনে মুক্তিলাভ কৰিছিল জানুৱাৰীত৷ ২০ কোটি টকা বাজেটৰ ছবিখনে ব্যৱসায় কৰে মাত্ৰ ৮.৬৬ কোটি টকা৷

একচন কমেডী ‘অৰ্জুন পাটিয়ালা’ মুক্তি পাইছিল জুলাইত৷ দিলজিৎ দোসাঞ্জ, কীৰ্তি চেনেন অভিনীত ছবিখনৰ বাজেট আছিল ২৫ কোটি৷ কিন্তু বক্স অফিচত অসমফল ছবিখনে ব্যৱসায় কৰে মাত্ৰ ৯.২৪ কোটি টকাৰ৷

ৰীতেশ ৰাত্ৰাৰ পৰিচালনাত ‘ফটোগ্ৰাফ’ মুক্তি পায় মে’ মাহত৷ তেওঁৰ পূৰ্বৰ ছবি ‘লান্স বক্স’ৰ দৰে এই ছবিখনেও সমালোচকৰ কলমত উচ্চ প্ৰশংসা লাভ কৰে৷ নৱাজউদ্দিন ছিদ্দিকী আৰু ছান্যা মলহোত্ৰাৰ অনবদ্য অভিনয় ছবিখনৰ মূল উপজীব্য৷ কিন্তু বাণিজ্যিক বিচাৰত ছবিখন বহু পিছপৰি ৰয়৷ ব্যৱসায় কৰে মাত্ৰ ১.২৯ কোটি টকাৰ৷

২০১৯ত মুক্তিলাভ কৰা ব্যৰ্থ ছবিসমূহৰ ভিতৰত আছে ‘ঝুথা কহি কা’, ‘মালাল’, ‘ইণ্ডিয়াজ ম’ষ্ট ৱাণ্টেড’, ‘ছেটাৰ্ছ’, ‘ব্লেংক’, ‘নোটবুক’ আৰু ‘জংলী’৷ ইয়াৰ ভিতৰত কিছুমানৰ ব্যৱসায় ১ কোটিৰো কম৷ ‘নোটবুক’ ছবিৰ প্ৰযোজক আছিল ছলমান খান৷ কিন্তু তথাপিও ছবিখন ছুপাৰহিট হোৱাৰ স্বপ্ন আধৰুৱা হৈয়ে থাকি যায়৷













