ASSAM TIMES POST,নিউজ ডেস্ক: তিনি সপ্তাহত পাঁচটা আন্তৰ্জাতিক সোণৰ পদক অৰ্জন কৰিছে ’ধিং এক্সপ্ৰেছ’ খ্যাত অসম কন্যা হিমা দাসে৷ বিশ্ব এথলেটিকছত হিমাৰ এই সাফল্যত মুগ্ধ দেশবাসী৷ ভাৰতীয় স্প্ৰিণ্টাৰগৰাকীৰ এই সাফল্যত মুগ্ধ একালৰ মাষ্টৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ৷ হিমাৰ সাফল্যত শচীন তেণ্ডুলকাৰে লিখিছে, ’যোৱা ১৯ দিনত ইউৰোপীয়ান ছাৰ্কিটত তুমি যিভাৱে দৌৰিছা, তাক দেখি খুউব ভাল লাগিছে৷ জিকাৰ প্ৰতি তোমাৰ হাবিয়াস আৰু অধ্যাৱসায় যুৱ সমাজৰ কাৰণে অনুপ্ৰেৰণা৷ ৫টা পদক লাভ কৰাত তোমালৈ অভিনন্দন৷ ভৱিষ্যতৰ দৌৰৰ কাৰণে বহু শুভেচ্ছা থাকিল৷’













