ASSAM TIMES POST
নগাঁও : ৰজা খেদা নগঞাৰ আহ্বানত ৪ জানুৱাৰীত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হব সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিশাল গন সমাবেশ ।জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় লক্ষাধিক লোকৰ সমাবেশ ঘটিব এই প্ৰতিবাদী জনসমাবেশত।
সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি নগাঁৱৰ শিল্পী, লেখক, সাংবাদিক সমাজ, ছাত্ৰ সমাজ বিভিন্ন জনগোষ্ঠীৰ জাতীয় সংগঠনৰ উদ্যোগত সেই দিনা দিনৰ ১১ বজাৰ পৰা এই বিৰাট সমাবেশ অনুষ্ঠিত হব। সমাবেশৰ উদ্যোগতা সকলে প্ৰকাশ কৰা এক গোহাৰি পত্ৰত কোৱা হৈছে যে – কা’ই অসমীয়া ভাষা সংস্কৃতিক অদূৰ ভৱিষ্যতে নিশ্ছিন্ন কৰিব।
অসমীয়া অসমতে সংখ্যালঘু হৈ নিজৰ ঘৰ মাটি হেৰুৱাব লাগিব। সেয়ে অসমৰ ৰাইজ আজি জাগিছে। আইন খনৰ বাতিলৰ দাবীত ধৰ্ম বৰ্ণ ভাষা সমন্বিতে সকলো মাৰ বান্ধি থিয় দিছে। এই কা বিৰোধী আন্দোলনক অধিক শক্তিশালী ৰূপ দিবৰ বাবে আয়োজন কৰা ৪ জানুৱাৰীৰ গণ সমাবেশ সফল কৰি তুলিবলৈ উদ্যোগতা সকলে সেইদিনা ৰাইজক দলে বলে নেহৰুবালিত আহিবলৈ অনুৰোধ জনাইছে।
৪ জানুৱাৰীৰ এই সমাবেশ সফল কৰি তুলিবলৈ উদ্যোগতা সকলে জিলা খনৰ বিভিন্ন স্থানত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ লগতে গাঁৱে গাঁৱে সভা সমিতি অনুষ্ঠিত কৰি সমাবেশ খন সফল কৰাৰ পদক্ষেপ গ্ৰহন কৰিছে। এই সমাবেশত বিশিষ্ট বুদ্ধিজীৱি ডঃহীৰেন গোহাঁই, আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, নিতুমনি শইকীয়া, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেকে ধৰি কেইবাগৰাকী প্ৰসিদ্ধ লোকে অংশ গ্ৰহণ কৰিব।













