![]()
ডিফু : প্ৰতিথযশা সাহিত্যিক ৰংবং তেৰাঙৰ জন্মদিন অহা ১৩ জানুৱাৰীত৷ বিশিষ্ট সাহিত্যিকজন জন্মদিনটো ডিফু সাহিত্য সভাই বিগত বছৰবোৰৰ দৰে এইবোৰো উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে।
তদুপলক্ষে বিভিন্ন গীতমাত, কবিতা আদিৰে এই অনুষ্ঠানটো সজাই তোলা হ’ব৷ উল্লেখ্য যে এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিব৷ আনহাতে বিশিষ্ট সাহিত্যিকজনৰ জন্ম দিনটোত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক দল-সংগঠন আৰু ব্যক্তিক ডিফু সাহিত্য সভাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷













