ASSAM TIMES POST
নিউজ ডেস্ক
কপালত চন্দনৰ প্ৰলেপ৷ কান্ধত ৰঙা অংগবস্ত্ৰ৷ স্থান কৰ্ণাটকৰ শ্ৰীসিদ্ধ গংগা মন্দিৰ৷ সন্মুখত সাধুগণ৷ তাতেই ভাষণ ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিএএ-এনআৰচিৰ বিৰুদ্ধে আন্দোলন কৰাসকল আৰু পাকিস্তানক একে মেৰুত ৰাখি তীব্ৰ সমালোচনা৷ কংগ্ৰেছসহ বিৰোধী শিবিৰক তেওঁৰ ‘পৰামৰ্শ’, “আন্দোলন কৰিবলৈ হ’লে পাকিস্তানৰ কাৰ্যকলাপৰ বিৰুদ্ধে কৰক৷”
উল্লেখ্য যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে দিল্লীৰ মচনদত বহাৰ পিছৰে পৰাই তেওঁৰ চৰকাৰৰ কামক লৈ কৰা সকলো ধৰণৰ বিৰোধিতাকে ‘ৰাষ্ট্ৰদ্ৰোহ’ আখ্যা দি আহিছে বিজেপিয়ে৷ চিএএ আৰু এনআৰচিৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হোৱা আন্দোলনকো কেৱল ‘মুছলমানৰ বিদ্ৰোহ’ হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছিল তেওঁলোকে৷ কিন্তু তাত সফল হ’ব নোৱাৰিলে৷
তেনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মোডীয়ে গ্ৰহণ কৰে দুটা কৌশল৷ প্ৰথম, চিএএৰ বিৰোধিতাক ‘সংসদৰ বিৰোধিতা’ বুলি কয়৷ সিদ্ধগংগা মন্দিৰত তেওঁ কয়, “কংগ্ৰেছ, তেওঁলোকৰ সহযোগী আৰু তেওঁলোকে সৃষ্টি কৰা পৰিৱেশতন্ত্ৰই দেশৰ সংসদৰ বিৰুদ্ধাচৰণ কৰিছে৷” অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছে কয়, “এই আন্দোলন সংসদ নহয়, মোডীৰ বিভাজনকামী কাৰ্যকলাপৰ বিৰুদ্ধে৷”
দ্বিতীয়টো কৌশল হিচাপে চিএএ-এনআৰচিৰ বিৰুদ্ধে আন্দোলনৰ মুখ ঘূৰাবলৈ বিচাৰি পাকিস্তানৰ প্ৰসংগ টানি আনি কয়, “সেই দেশত ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত চলা নিপীড়নৰ বিৰুদ্ধে বিৰোধীয়ে মুখ খোলা নাই কিয়? আন্দোলন কৰিবলৈ হ’লে বিগত ৭০ বছৰৰ পাকিস্তানৰ কু-কীৰ্তিৰ বিৰুদ্ধে কৰক৷ শ্লোগান দিবলৈ হ’লে পাকিস্তানত সংখ্যালঘুসকলৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে দিয়ক৷ সমদল কৰিবলৈ হ’লে পাকিস্তানৰ দলিত-পীড়িত-শোষিতসকলৰ সমৰ্থনত সমদল উলিয়াওক৷”
উল্লেখ্য যে কৰ্ণাটকত গৈ চিএএ বিৰোধিতাক পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলৰ বিৰোধিতা বুলিও উল্লেখ কৰে প্ৰধান মন্ত্ৰীয়ে৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে বৃহস্পতিবাৰে বাৰে বাৰে পাকিস্তানত সংখ্যালঘুসকলৰ ওপৰত ধৰ্মীয় নিপীড়নৰ কথা উল্লেখ কৰিলেও বাংলাদেশত ধৰ্মীয় নিপীড়নক লৈ মুখ নুখুলিলে মোডীয়ে৷ অথচ পাকিস্তানৰ তুলনাত বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকৰ সংখ্যাই অধিক৷ ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণা, বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনা চৰকাৰক অসন্তুষ্ট নকৰিবলৈয়ে মোডীয়ে বাংলাদেশৰ প্ৰসংগ এৰাই চলিছে৷













