ASSAM TIMES POST
নিউজ ডেস্ক
হিন্দুৰ পৰা খ্ৰীষ্টানলৈকে বিভিন্ন ধৰ্মৰ উৎসৱৰ তালিকা আছে তাত৷ আছে বৰদিন ৰপৰা দুৰ্গা পূজা, বৌদ্ধ পূৰ্ণিমাৰ পৰা গুৰু নানক জয়ন্তী, মহৰ্ষি দয়ানন্দ সৰস্বতী জয়ন্তীৰ পৰা ষট পূজাললৈকে৷ আছে গান্ধী জয়ন্তী, স্বাধীনতা দিৱস বা ইংৰাজী নৱবৰ্ষৰ কথাও উল্লেখ৷ নাই কেৱল মুছলমানসকলৰ কোনো উৎসৱৰ নাম৷ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী চমুকৈ এনপিআৰৰ সদ্য প্ৰকাশিত মেনুৱেলত এই বিস্ময়কৰ ধৰ্মীয় বৈষম্যৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰম্ভ হৈছে সমালোচনা৷ অৱশ্যে ইয়াৰ দোষত কেৱল মোডী চৰকাৰকে বিচাৰৰ কাঠগড়াত থিয় কৰাব নোৱাৰি৷ কিয়নো ইয়াৰ পূৰ্বে ২০১১ চনত মনমোহন সিঙৰ ৰাজত্বকালতো এনপিআৰ মেনুৱেল প্ৰকাশিত হৈছিল আৰু তাতো কোনো মুছলিম উৎসৱৰ কথা উল্লেখ নাছিল৷

উল্লেখ্য যে ভাৰতত হিন্দুৰ পিছতে দ্বিতীয় সৰ্বাধিক জনসংখ্যা হ’ল মুছলমানসকলৰ৷ ৩৭ পৃষ্ঠাৰ এনপিআৰ মেনুৱেলৰ ৩২ নম্বৰ পৃষ্ঠাত এনেক্সাৰ ৫ত দেশৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ এখন তালিকা দিয়া হৈছে৷ তাত হিন্দুৰ উপৰি বৌদ্ধ, খ্ৰীষ্টান, শিখ ইত্যাদি বিভিন্ন ধৰ্মৰ উৎসৱৰ সময়কাল উল্লেখ আছে৷ কিন্তু জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা মুছলমানসকলৰ কোনো উৎসৱ, স্মৰণীয় দিন বা তিথিৰ কথা উল্লেখ নাই৷













